ড° মনমোহন সিঙৰ দহ বছৰীয়া শাসনকালক হতাশাৰ দশক হিচাপে বৰ্ণনা ভৱেশ কলিতাৰ

ড° মনমোহন সিঙৰ দহ বছৰীয়া শাসনকালক হতাশাৰ দশক হিচাপে বৰ্ণনা ভৱেশ কলিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ব্যাপক দূৰ্নীতি,স্বজন তোষণ সন্ত্ৰাসবাদ,পৰিয়াল কেন্দ্ৰীক ৰাজনীতি ইত্যাদি কাৰণত ড° মনমোহন সিঙৰ দহ বছৰীয়া শাসনকালক হতাশাৰ দশক হিচাপে বৰ্ণনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। কলিতাৰ মতে এই সময়ছোৱাত কংগ্ৰেছ দলৰ চৰকাৰে দেশৰ যুৱ শক্তিক ভীতিগ্ৰস্ত কৰি ৰাখি হতাশাৰ মাজলৈ ঠেলি দিছিল।এই সময়ছোৱাত টু জি,কমনৱেলথ গেমচ আদিকে ধৰি বিভিন্ন কেলেংকাৰী আদিৰে দেশৰ উন্নয়ন স্থবিৰ কৰি দিছিল। কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰাৰ পিছতে সমগ্ৰ দেশতে এক ইতিবাচক পৰিৱেশ সৃষ্টি হয় বুলি কলিতাই কয়।ৰাজ্যিক সভাপতিৰ মতে দেশে হতাশাৰ পৰা সবলতাৰ পিনে গতি কৰিছে।প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই দেশ বৰ্তমান বিশ্ব শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে বুলি কলিতাই বৰ্ণনা কৰে।