প্ৰেমৰ দিৱস
এছ ইছলাম, শিক্ষক
মইনবৰী, বৰপেটা
প্ৰেমৰ অনুভূতিত
এই বিশাল জগত
ঘূৰি আছে অনবৰত
এক মহা আকৰ্ষণত।
সৌৰ জগতৰ গ্ৰহ-নক্ষত্ৰ
এক নিৰ্দিষ্ট আবৰ্তনত
নিজ নিজ কক্ষপথত
ঘূৰিছে অনবৰত।
প্ৰেমত বৈ গৈছে নৈ
নিৰ্দিষ্ট দিন-বাৰ নাই
প্ৰেম যদি এক্ষন্তেক নাই
জগতৰ কি হ’ব বিলাই?
দেহৰ প্ৰতিটো কোঁহে কোঁহ
হৃদয়ৰ চুকে কোনে
প্ৰেম জাগে চুপে চুপে
দিন ৰজনী অহৰ্নিশে।
প্ৰতিদিন প্ৰতিক্ষণ
নাই কোনো দিৱস গণন
নাই কোনো পূৰণ হৰণ
প্ৰেম থাকে সৰ্বক্ষণ।