“আলি আঃয়ে লিগাং আৰু জনবিশ্বাস”
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
মিচিং জনগোষ্ঠীৰ কৃষি সম্বন্ধিত এক উৎসৱ “আলি আঃয়ে লিগাং”।এই উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পালন কৰা হয়।প্ৰথম অৱস্থাত ফাগুন,চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত “আলি আঃয়ে লিগাং” উৎসৱ পালন কৰিছিল যদিও পৰৱৰ্তী সময়ত ১৯৫৬ চনত মিচিং সকলৰ বৃহত্তম আৰ্থ সামাজিক অনুষ্ঠান “বানে কেবাঙে” ফাগুন মাহৰ প্ৰথম বুধবাৰত পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।আৰু সেই সময়ৰে পৰা আজি পৰ্যন্ত মিচিং জন-জাতি সকলে ফাগুন মাহৰ প্ৰথম বুধবাৰতে পালন কৰি আহিছে।মিচিংসকলে বুধবাৰটো শুভ বাৰ বুলি বিবেচনা কৰে।”আলি আঃয়ে লিগাং” উৎসৱ শস্য সিঁচাৰ লগত সম্বন্ধ।”আলি” মানে শস্যৰ বীজ,”আঃয়ে” মানে ফল,আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা।অৰ্থাৎ শস্য সিঁচাৰ প্ৰথম দিন।এই উৎসৱত মিচিংসকলে একগোটহৈ ভোজভাত খোৱাৰ লগতে নৃত্য-গীত কৰে।এই নৃত্যক “পাকছ মনাম্” বোলা হয়।ৰাইজে খোৱাৰ আগতে পূজ্য ইষ্ট দেৱতা আৰু পূৰ্বপুৰুষসকলৰ স্মৃতিত পোনপ্ৰথমে উছৰ্গা কৰে।বিশ্বাস কৰে পূৰ্বপুৰুষসকল সন্তুষ্ট থাকিলেহে সদায় সন্তান-সন্ততিৰ মংগল কামনা কৰিব।এই উৎসৱৰ উপলক্ষে প্ৰত্যেকঘৰতে পুৰাং,আপং, শুকটি মাছ,গাহৰি মাংসৰ তৰকাৰী আদি প্ৰস্তুত কৰে।মিচিংসকলে বিশ্বাস কৰে যে,শস্য সিঁচিবলৈ ঘিলা আৰু শিলগুটি লগত লৈ গ’লে ধানৰ থোকবোৰ দীঘল হয় আৰু ধানবোৰ গুটি হয়।সেইবাবে গৃহস্থই শস্য সিঁচিব যাওঁতে শিলগুটি, ঘিলা লগত লৈ যায়।শস্য সিঁচি ঘৰ অহাৰ পাছত কেইবাদিনলৈ মাটি নাখান্দে,বাঁহ নাকাটে, ভজা-পোৰা নাখায়।কাৰণ সেইবোৰ কৰিলে শস্যবোৰ শুকাই যাব বুলি বিশ্বাস কৰে।শস্য সিঁচি আহি গৃহস্থই এবাটি পঃৰ আপং আৰু পুৰাং খায় কামনা কৰে খাদ্যবস্তুৰ যাতে কোনোদিনে অভাৱ নহয়।মিচিংসকলে বিশ্বাস কৰে দেৱতাক নাচ-গানেৰে সন্তুষ্ট কৰিব পাৰিলে দেৱতাই শস্যবোৰ ভালে কুশলে ৰাখিব আৰু উৎপাদন বৃদ্ধি হ’ব।সেইবাবেই সমূহীয়াভাৱে সকলোৱে নৃত্য-গীত কৰে।যিহেতু এই উৎসৱ কৃষিৰ লগত সংগতি কৃষি সম্পৰ্কীয় জনবিশ্বাসবোৰে জড়িত হৈ আছে।বসন্তকালীন উৎসৱ হিচাপে পালন কৰা ফাগুন মাহৰ প্ৰথম বুধবাৰটোতে মিচিং জনগোষ্ঠীসকলে “আলি আঃয়ে লৃগাং” উৎসৱ উলহ-মালহেৰে পালন কৰে।