“সৈনিক জন উভতি নাহিল”
ম’বাইলৰ স্ক্ৰীন খনত দেখা গৈছে এজন যুৱকৰ এখন ফটো মৰম লগা এটা হাঁহিৰে তেওঁক বেছ সুন্দৰ লাগিছে আৰু তাকেই চাই আছে এগৰাকী বয়সীয়াল মহিলাই এটা ৰুমত অকলশৰীয়াকৈ এখন চকীত বহি নীৰৱ ভাবে। কিছু পৰ চাই থাকি হঠাৎ তেওঁ ফেঁকুৰী উঠিছিল,তাৰ পাছত কোনেও নুশুনা কৈ উচুপি উচুপি কান্দিছিল। বহু পৰ এনেকৈয়ে গুচি গৈছিল।বহুত চেষ্টা কৰিও ৰখাব পৰা নাছিল তেখেতে নিজৰ চকুপানী বোৰক। ফটো খনত থকা সেই সুন্দৰ যুৱক জন তেখেতৰ একমাত্ৰ পুতেক আছিল। পুতেক সুদূৰ কাশ্মীৰত ভাৰতীয় সেনা বাহিনীত কৰ্মৰত আছিল। তেওঁ বহুদিন দেখা দেখি হোৱা নাছিল মাকৰ লগত। ঘৰলৈ যে অহা নাছিল তেনে নহয় মাজতে দুবাৰ মান আছিল যদিও ভাগ্যৰ পৰিহাস মাক জনীৰ ৰোগত পৰাৰ বাবে সি ঘৰত থকা গোটেই সময় বোৰ মেডিকেলৰ বিচনা থাকিব লগা হোৱাত। সুযোগ নাপালে পুতেকৰ কপালত এটা চুমা আঁকিব। দুহাতে সাৱটি সেই যে মাতৃৰ মৰম বুলি পৃথিৱীত এক বিশেষ মৰম আছে সেই কণ তাক যাচিব। আৰু বহুতো কিবা কিবি পুতেকৰ বাবে ৰাখিছিল ভাবি কিন্তু দিব নোৱাৰিলে সময়ে দিয়া বাধাৰ ফলত।
এটা সময়ত ছুটি শেষ হোৱাৰ বাবে পুতেক উলটি গুচি গৈছিল সীমান্তৰলৈ। পিছে দুৰ্ভাগ্য মাক হে আৰোগ্য হৈ উঠিব নোৱাৰিলে আন কি বিদায় বেলাত তাক মেডিকেলৰ বিচনাৰ পৰাই বিদায় দিবলৈ বাধ্য হৈছিল।
সেই দিনা মাকে মেডিকেলৰ বিচনাৰ কাষতে বহিব কৈ বহু খিনি মনৰ কথা তাৰ আগত কৈছিল।যিমান সম্ভৱ মৰম দিছিল কিন্তু তাত তেওঁ হব পৰা নাছিল সুখী কিবা আধৰুৱা ভাবে তেখেতক বাৰে বাৰে আমনি কৰিছিল ফলত তেওঁ কান্দিছিল পুতেকৰ হাত খন নিজৰ হাত দুখনৰ মাজত জোৰেৰে খামুচি ধৰি।
পুতেক ও আৱেগিক হৈ পৰিছিল, কিন্তু তাক নিয়ন্ত্ৰন কৰি মাকক সান্তনা দিছিল আৰু সি কৈছিল, “মা” তুমি সোনকালে সুস্থ হৈ উঠা, মই আকৌ আহিম নহয় তুমি কিয় দুখ কৰিছা। অহা বাৰ যেতিয়া আহিম তেতিয়া তুমিও সুস্থ হৈ থাকিবা তেতিয়া আজি তুমি কোৱা কথা বোৰ সকলো হৈ উঠিব মাত্ৰ তুমি সুস্থ হোৱা। ডাক্তৰে দিয়া দৰব খিনি নিয়াৰিকৈ খাবা,নিজৰ যত্ন লবা দেই “মা”।
লাহে, লাহে মানুহ জনী আৰোগ্য হৈ উঠিছিল। সিফালে সীমান্তৰ পৰা সময় পালেই পুতেকে মাকৰ খবৰ লৈছিল। প্ৰতি বাৰৰ বাৰ্তালাপ মাকে এটা কথা তাক বাৰে বাৰে সুধিছিল বোপাই তই কেতিয়া আহিব। আৰু সি ছুটি পালেই যাম বুলি কৈছিল। সময় বাগৰি যোৱাৰ লগে লগে আকৌ আহিছিল সেই দিন যিদিনা পুতেকে মাকক দিছিল ছুটি পোৱাৰ খবৰ আৰু মাক হৈ পৰিছিল আনন্দত আত্মহাৰা।
সি প্ৰস্তুতি আৰম্ভ কৰিছিল ঘৰলৈ বুলি যাবলৈ। পিছে বিধিৰ বিপাক দেই দিনাই আহিছিল তালৈ ওপৰৰ পৰা নিৰ্দেশ। মিষ্টাৰ অনন্ত চৌধুৰী আমি দুঃখিত আপোনাৰ ছুটি অ নিৰ্দিষ্ট সময়লৈ বাতিল কৰা হৈছে, কাৰণ আপোনাৰ পহৰা চকীৰ আশে পাশে সন্ত্ৰাসবাদী গতি বিধি ধৰা পৰিছে গতিকে যিকোনো সময়ত ইহঁতি আমাৰ বাবে বিপদৰ ঘটাব পাৰে সেয়ে আপুনি বৰ্তমান উপস্থিত থকাটো বৰ দৰকাৰ।
কথাটো শুনি সি দুৰ্বল হৈ পৰা দৰে হৈ পৰিছিল কিন্তু পৰিয়ালতকৈ দেশ আগত কথাটো মনলৈ অহাৰ লগে লগে সকলো পাহৰি কেম্পৰ পৰা লগে লগে ৰাওনা হৈছিল পহৰা চকীৰ দিশে।আৰু মাকক জনোৱা নাছিল সি কথাটো।
সিফালে তেতিয়া মাকৰ আনন্দ সীমা জুখিব পৰা অৱস্থাত নাই। নহব বা কিয় বহু দিনৰ হেপাহ এইবাৰ যে পূৰণ হব। কিমান দিন যে পুতেকক পোৱা নাই তাই এপলক কাষত।
সময় তেতিয়া নিশা দুই বাজি বাৰ মিনিট গৈছে। গোটেই ভাৰত তেতিয়া নিন্দা দেৱীৰ কোলাত ঢলি পৰিছে। হঠাৎ বাজি উঠিল মাক মনোৰমা চৌধুৰীৰ ফোনটো ফলত সাৰ পালে তেওঁ। ইমান ৰাতি কোনে ফোন কৰিলে অ “মুখেৰে কলে তাৰ পাছত মনলৈ আহিল অ” পুতেক হ’ব পাই কাৰণ সি যে আহি আছে ঘৰলৈ।
ফোনটো চালে কিন্তু এইটো দেখোন পুতেকৰ নম্বৰ নহয়। অচিনাকি নম্বৰ দেখোন প্ৰথমে ৰিচিভ কৰিব বিচৰা নাছিল কিন্তু কিবা ভাবি ৰিচিভ কৰিলে। হেল্ল বুলি কোৱাৰ লগে লগে সিফালৰ পৰা এটা হিন্দী ভাষী পুৰুষ কণ্ঠই কৈ দিলে এটি কথা যিয়েই মাকৰ ইমান দিনে দেখি থকা এটা সপোন মূহুৰ্ততে অন্তত। কাৰণ পুতেক আৰু এই পৃথিৱীত আৰু নাই। সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হ’ল। মনোৰমা চৌধুৰীৰ পুত্ৰ অনন্ত চৌধুৰী।
মুন শৰ্মা,লখিমপুৰ