কচুৱাত জমিয়ত উলেমা ই হিন্দৰ সমাজ সংস্কাৰমূলক সভা

কচুৱাত জমিয়ত উলেমা ই হিন্দৰ সমাজ সংস্কাৰমূলক সভা

খাইৰুল ইছলাম,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহত্তৰ গৰুবাট মৌজাৰ জমিয়ত উলেমা ই হিন্দৰ উদ্যোগত কচুৱাত সমাজত প্ৰচলিত বাল্য বিবাহ, মদ,জুৱা,ড্ৰাগছ আৰু কু সংস্কাৰ ওপৰত এখন সভা কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। হাজি মাইনুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক আব্দুল মালেকে। কচুৱা শিক্ষা সমলকেন্দ্ৰৰ সমন্বয়ক (CRCC) শিক্ষক মতিউৰ ৰহমানে বাল্য বিবাহৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই। সমাজৰ পৰা বাল্যবিবাহ বন্ধ কৰিব লাগিব অন্যথা এখন সুস্থ সমাজ আৰু সুন্দৰ সংসাৰ গঢ়াত যথেষ্ট বাধা আহি পৰে। উপযুক্ত বয়সত নিজৰ কন্যাক বিয়া দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়, সকলোৱে নিজৰ সন্তানৰ লগতে গাৱৰ তথা চুবুৰীৰ শিশু সকলক বাধ্যতামূলক শিক্ষা গ্ৰহনৰ সুবিধা কৰিব লাগিব তেতিয়াহে এখন সুস্থ সমাজ গঢ়ি উঠিব। শিশু শ্ৰমিক হিচাপে কৰবাত শিশু দেখামাত্ৰই সেই শিশুটোক উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগিব। এই বিষয় বোৰৰ ওপৰত কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আব্দুৰ ৰহিমেও এই সজাগতা সভাখনত বহল বক্তব্য ৰাখে। প্ৰয়াত মিছাইল মেন এ পি জে আব্দুল কালাম আৰু প্ৰফেট মহাম্মদৰ জীৱন আদৰ্শৰে শিক্ষা আহৰন আৰু শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। সমাজখন সংস্কাৰ কৰিবলৈ সকলোৱে গুৰুত্ব সহকাৰে কাম কৰিব লাগিব। সভাখনত নগাওঁ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূজ্যোতি কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপত্ত বিষয়া আনন্দ মেধি, কচুৱাৰ কেইবাটাও অঞ্চলৰ পৰা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাখনত শিক্ষক ক্ৰমে আব্দুৰ ৰহিম, আবু নচৰ,হবিবুৰ ৰহমান,সমাজকৰ্মী জহুৰ আলি,নুপুৰ বৰ্ধন, ২নং কচুৱা জিলাপৰিষদৰ সদস্য ছাইফুল ইছলাম,কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমান,উদ্যমী যুৱক ছহিদুল ইছলাম, মুক্তাৰ হুছেইন,মতিউৰ ৰহমান, মুফতি ছহিদুল ইছলাম,সংবাদিক আমিনুল হক,পুস্পেন্দ্ৰ বৰা,পুস্প চৌধুৰী, মাধৱ ভূঞা,ৰূপজ্যোতি ভূঞা,মুজাক্কিৰ আহমেদ, খাইৰুল ইছলাম,মাইনুল হক, ইক্ৰামুল ইছলাম,আৰু হসশ্ৰাধীক ৰাইজ উপস্থিত থাকে।