দিল্লীত শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ দৰে পুনৰ এক জঘন্য কাণ্ড সংঘটিত 

pc Jagran

দিল্লীত শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ দৰে পুনৰ এক জঘন্য কাণ্ড সংঘটিত 

ৰঙিলী বাৰ্ত্তাসেৱা-দিল্লীত শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ দৰে পুনৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে।দিল্লীৰ এগৰাকী যুৱতীক তাইৰ লিভ-ইন সংগীয়ে হত্যা কৰে আৰু মৃতদেহ ফ্ৰিজত সংৰক্ষণ কৰিছিল। আৰক্ষী সূত্ৰই জনোৱা তথ্য অনুসৰি ২৩ বছৰীয়া নিকি যাদৱ নামৰ যুৱতীগৰাকীক ডাটা কেবলেৰে মেৰিয়াই শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।শেহতীয়াকৈ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দিল্লীৰ বাবা হৰিদাস নগৰ অঞ্চলৰ মিত্ৰৌ গাঁৱত এখন গাড়ীত প্ৰেয়সীক হত্যা কৰিছিল প্ৰেমিক চাহিল গেহলটে। তাৰ পিছত মৃতদেহটো ৪০ কিলোমিটাৰ দূৰৈৰ নিজৰ ধাবালৈ নি মৃতদেহটো  ফ্ৰীজত লুকুৱাই ৰাখে। কেৱল এয়াই নহয়, অভিযুক্ত প্ৰেমিক চাহিল গেহলটে প্ৰেমিকা নিকীক হত্যা কৰাৰ ঠিক পিছদিনা আন এগৰাকী যুৱতীৰে বিবাহপাশত আৱদ্ধও হয়।দিল্লী আৰক্ষীৰ অপৰাধ শাখাই প্ৰকাশ কৰা মতে অভিযুক্ত চাহিলৰ আৰু প্ৰেমিকা নিকীৰ মাজত বিয়াক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল।ইতিমধ্যে, চাহিল গেহলটে প্ৰেমিকা নিকি যাদৱক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।