আজিৰ পৰা চিবিএছইৰ দশম, দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আৰম্ভ

Pc The Indian Express

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰৰ পৰা সমগ্র দেশতে চিবিএছই ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে। ২৯ ডিচেম্বৰ ২০২২ তাৰিখে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাসমূহ ১৫ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চ পৰ্যন্ত চলিব বুলি উল্লেখ কৰিছে।  ইপিনে, আজি পুৱা ১০:৩০ মিনিটৰ পৰা পৰীক্ষা আৰম্ভ হৈছে। যদিও দশম শ্ৰেণীৰ পৰীক্ষা ২১ মাৰ্চত শেষ হ’ব, ইপিনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৫ এপ্ৰিলত শেষ হ’ব। উল্লেখ্য যে, এইবাৰ প্ৰায় ৩৮ লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে দশম শ্ৰেণীৰ ২১,৮৬,৯৪০ গৰাকী আৰু দ্বাদশ শ্ৰেণীৰ ১৬,৯৬,৭৭০ গৰাকী শিক্ষাৰ্থী।