ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অভিযুক্ত ৰাহুল ছেত্ৰীসহ আন দুজনৰ জামিন মঞ্জুৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অভিযুক্ত ৰাহুল ছেত্ৰীসহ আন দুজনৰ জামিন মঞ্জুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম মূল অভিযুক্ত ৰাহুল ছেত্ৰীসহ আন দুজনৰ জামিন মঞ্জুৰ কৰে আদালতে । বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত ৰাহুল ছেত্ৰী মূল অভিযুক্ত বুলি অভিযোগ উঠাৰে পৰা তথা জঘন্য ৰেগিং কাণ্ড ফাদিল হোৱাৰে পৰা ৰাহুলে যোৱা ২৭ নৱেম্বৰৰ পৰা আত্মগোপন কৰ থকাৰ পিছত ৫ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ইউ/এচ ১২০বি/৩৪১/৩৯৫/৩০৭/১৪৩ ধাৰাৰ অধীনত ৭২৯/২০২২ নং গোচৰত ৰাহুল ছেত্ৰীসহ মুঠ সাত ছাত্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ন্যায়িক আদালতে ৰাহুল ছেত্ৰী, প্ৰাণজিৎ বৰুৱা আৰু সীমান্ত হাজৰিকাৰ জামিন মঞ্জুৰ কৰে।