দয়াল কৃষ্ণ নাথলৈ পশ্বিম বংগৰ কানাইলাল চৌধুৰী স্মৃতি সন্মান

দয়াল কৃষ্ণ নাথলৈ পশ্বিম বংগৰ কানাইলাল চৌধুৰী স্মৃতি সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁওৰ অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথলৈ পশ্বিম বংগৰ খানটুৰা চিত্ৰপট নাট্য গোষ্ঠীয়ে এই বছৰৰ কানাইলাল চৌধুৰী স্মৃতি সন্মান ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ ঘোষণা কৰিছে৷ ১৭ ফেব্ৰুৱাৰীত পশ্বিম বংগৰ গোৱৰদাংগা টাউন হলত অনুষ্ঠিত হ’বলগীয়া চিত্ৰপট ৰাষ্ট্ৰীয় নাট্য উৎসৱত এই বটাঁ প্ৰদান কৰিব৷ ইতিমধ্যে ৰাষ্ট্ৰীয় পর্য্যায়ৰ বহুকেইটা সন্মান পাবলৈ সক্ষম হোৱা দয়াল কৃষ্ণ নাথে সচেতন ধাৰাৰ নাটকেৰে সমগ্ৰ ভাৰততে সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হোৱাৰ বাবে খানটুৰা চিত্ৰপট নাট্য গোষ্ঠীয়ে এই বটাঁ প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷ দয়াল কৃষ্ণ নাথ অভিনৱ থিয়েটাৰৰ পৰিচালক , ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ গ্ৰান্ট কমিতিৰ সদস্য তথা ভাৰত চৰকাৰৰ ফিল্ম চেঞ্চৰ বর্ডৰ সদস্য৷