কোৱাই নহ’ল মনৰ কথাবোৰ.- আস্মা ইয়াছমিন

Pc Pinterest
কোৱাই নহ’ল মনৰ কথাবোৰ...
আস্মা ইয়াছমিন (ৰাণী)
কম বুলি ভাবি থকা
 কথাবোৰ অপ্ৰকটে ৰৈ গ’ল
কোৱাই নহ’ল জানা
 মনৰ কথাবোৰ,
তুমি মোৰ শৈশৱ, কৈশোৰ, যৌৱন
তুমি নজনাকৈ মোৰ জীৱন
ৰথৰ চকাটোৱে তুমি…
সেয়ে ভয় হ’ল জানোচা
যদি কওঁ মনৰ কথা
কিজানিবা ভুল বুজি
 তুমি আঁতৰি যোৱা,
যাৰ বাবে বহু আশাৰে
বাট চাই আছিলো
১৪ ফেব্ৰুৱাৰীলৈ…
ভাবিছিলো তোমাক আচৰিত কৰিম
 যে সৈনিকৰো এখন হৃদয় আছে
সৈনিকো যে প্ৰেমিক হ’ব পাৰে
তাৰ প্ৰমাণ দিবলৈ
এপাহ ৰঙা গোলাপো
 কিনি আনিছিলো জানা…
কিন্তু হঠাতে অহা
 নিষ্ঠুৰ ধুমুহাজাকে
উৰুৱাই লৈ গ’ল
মোৰ আশাৰ টোপোলা
তাৰ পৰিৱৰ্তে কাশ্মীৰৰ ৰাজপথত
 লাগি ৰোৱা তেজৰ চেকুৰাবোৰে
চিঞৰি চিঞৰি ক’লে
‘ তুমি বীৰ প্ৰেমৰ বাবে নহয় দেশৰ বাবে…! ‘