শ্ৰীমন্ত শংকৰদেৱ
এছ ইছলাম, শিক্ষক
মইনবৰী,বৰপেটা
যেতিয়া আধ্যাত্মিক জগতত
ক’লা ডাঁৱৰে আগুৰিছিল
মানুহ বৰ অথন্তৰ অৱস্থাত
ভাল বেয়া বুজি পোৱা নাছিল,
সেই সময়ত তুমি আহিছিলা
ঈশ্বৰৰ অৱতাৰ স্বৰূপ
তুমিয়ে ভৰা লুইত সাঁতুৰি পাৰ হৈছিলা
ষাঁড় গৰু শিঙত ধৰি বগৰাই দিছিলা
এন্ধাৰৰ পৰা পোহৰলৈ পথ দেখুওৱাৰ বাবেই
তুমি জন্ম লৈছিলা ।
কুসুম্ভৰ ভুঞাৰ ঔৰসত
মাতৃ সত্যসন্ধাৰ গৰ্ভত
বুঢ়ীমাক খেৰসূতিৰ প্ৰচেষ্টাত
জন্ম লৈছিলা পবিত্র ভূমিত
অসমৰ নগাওঁ জিলাৰ বটদ্ৰৱাত।
অসমৰ চুকে কোনে
নামঘৰ, সত্ৰ স্থাপন কৰি
উচ্চ-নিচ্চ ভেদভাৱ পাহৰি
তুমি প্ৰচাৰ কৰিছিলা নৱবৈষ্ণৱ ধৰ্ম
হিন্দু-মুছলমান একতাৰ ডোলেৰে বান্ধি।
‘একদেৱ একসেৱ একবিনে নাইকেও’
এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি
অসমীয়া মানুহক সৎ পথত আনিলা
তুমিয়ে অসমীয়া জাতিৰ ধৰ্মপ্ৰৱৰ্তক
সমাজ সংস্কাৰক বুলি দিলা পৰিচয়
বিশ্ব জগতজুৰি।