তপত হুমুনিয়াহ- ইভা গন্ধীয়া ফুকন

Pc Unsplash
তপত হুমুনিয়াহ
কুঁৱলীৰ জাল ফালি পূবৰ ঢল পাত
সুৰুযে ভুমুকি মাৰে মোৰ মৰমী পঁজাত
মৰমৰ নিজৰা বয় পুৱতিৰ লগে লগে
মৰমৰ আকুল হৈ চেনেহ বিচাৰি।
দুৰণিত ৰিঙিয়াই পেঁপাৰ সুললিত মাত
সেই মাত শুনি দুৰণীৰ পক্ষী হৈ পৰে মতলীয়া।
নিয়ৰৰ দলিচাৰ মাজেদি
চেনেহীৰ আঁচলত ধৰি আকুল হৃদয়
চেনেহৰ আবৰণৰে ঢকা মনৰ বতৰা পাবলৈ।
জুখিব কিয় নো বিচাৰিছা তুমি
মোৰ মনৰ আকুলতা
অনুভৱৰে বুজিব নোৱাৰিলা
মৰম নদীৰ গভীৰতা
হৃদয়ৰ পৰা নিগৰিত তপত হুমুনিয়াহ।
বলিচৰত পৰিণত কৰি
ঝাঁও বনেৰে আৱৰি শেষ হ’ব নিদিবা
মৰম নদীৰ গভীৰতা।
ইকূল সিকূল বিচাৰি কিয় খোৱা হাবাথুৰি
নদীৰ মোহনাতে আছে দেখোন
 দুয়োৰে ঠিকনাটি!!!!!
              ইভা গন্ধীয়া ফুকন