গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ ’কুন্তী দেৱী স্মাৰক বক্তৃতা’

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ ’কুন্তী দেৱী স্মাৰক বক্তৃতা’

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ উদ্যোগত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰাংগনত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে চতুৰ্থ বাৰ্ষিক ’কুন্তী দেৱী স্মাৰক’ বক্তৃতা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷শিল্পী ৰীনা দাসৰ পৰিচালনাত সমবেত গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত পৌৰোহিত্য কৰে সমাজৰ সভাপতি লংকেশ্বৰ ডেকাই৷সমাজৰ সাধাৰণ সম্পাদক গকুল বৰুৱাই উদ্দেশ্য ব্যাখ্যাৰ লগতে আঁত ধৰা অনুষ্ঠানত উপদেষ্টা শিৱ প্ৰসাদ ভট্টাচাৰ্যই আদৰণী ভাষণ দিয়ে৷ প্ৰাক্তন সম্পাদক উমেশ ভাগৱতীয়ে বিশিষ্ট অতিথিৰ পৰিচয় দাঙি ধৰা অনুষ্ঠানত ’মানসিক স্বাস্হ্য আৰু ইয়াৰ সামাজিক প্ৰভাৱ’ বিষয়ত স্বেচ্ছাসেৱী সংস্থা ‘আশাদীপ’ৰ সঞ্চালক ড° অঞ্জনা গোস্বামীয়ে ভাষণত কয়-মানসিক স্বাস্থ্য শৰীৰৰে এটি অংশ৷অতিমাত্ৰা চিন্তা,ভাগৰুৱা,কামৰ প্ৰতি আগ্ৰহ কমা,এইবোৰ এটা ডাঙৰ চিন্তা৷তেতিয়া চিকিৎসকৰ ওচৰত গৈ পৰামৰ্শ লব লাগে৷নিজৰ সমস্যাবোৰ অইনৰ লগত চেয়াৰ কৰিলে ভাল৷নিয়মীয়া ব্যায়ামে স্বাস্হ্যৰ বাবে উপযোগী৷গান গোৱা,হাঁহি,ধেমালি,মিলা প্ৰীতি আদি মানসিক স্বাস্হ্যৰ বাবে উপযোগী৷অন্তৰংগ আলাপ অনুষ্ঠানত অধ্যাপক দিগন্ত দৈমাৰী,দেৱজিৎ বৈশ্য,ধীৰেনপাৰা হাস্পতালৰ অধীক্ষক ডা° এ কে শৰ্মা,নৱ প্ৰসাদ শৰ্মা,নগেন্দ্ৰ প্ৰসাদ শৰ্মা,হেমন্ত ৰাভা,বাসৱ চন্দ্ৰ কলিতা,অপৰ্ণা গোস্বামী,চাৰু বৰঠাকুৰে অংশ গ্ৰহণ কৰে৷শ্যামন্তিকা কলিতা,কৌস্তভ দাসে গীত পৰিৱেশন কৰি উপস্হিত ৰাইজক আমোদ দিয়ে৷উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰৰ শলাগৰ শৰাইৰে অনুষ্ঠান সামৰণি মৰা হয়৷