কলীয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ

Pc- Deccan Herald

কলীয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰৰ কলীয়াভোমোৰাৰ দলঙত অঘটন। কলীয়াভোমোৰা দলঙত সন্ধিয়া প্রায় ৬.৩০ বজাত গাড়ী ৰখাই ব্ৰহ্মপুত্ৰত জাঁপ দিলে প্ৰায় ২৬ বছৰীয়া এজন যুৱকে। যুৱকজন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জহাবাৰী গাঁৱৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নাৰায়ণপুৰৰ পৰা তেজপুৰলৈ বুলি এ এছ-০৭ ইউ-৩৫৩৪ নম্বৰৰ এখন গাড়ীৰে আহি থকা অৱস্থাত কলীয়াভোমোৰা নতুন দলঙৰ ওপৰত লগৰজনক গাড়ী ৰখোৱাবলৈ দিছিল আৰু তাৰ পাছতে ব্ৰহ্মপুত্ৰত তাৎক্ষণিকভাৱে জাঁপ দিয়ে নিহাল কাকতি নামৰ ২৬ বছৰীয়া যুৱকজনে।