নলবাৰীৰ ঘগ্ৰপাৰত ধান ক্ৰয় পৰিদৰ্শন মৰলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ উপাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে নলবাৰীৰ ঘগ্ৰপাৰাত ধান ক্ৰয় কেন্দ্ৰটি পৰিদৰ্শন কৰে দেৱান ধ্ৰুৱজ্যোতি মৰলে৷উক্ত ধান ক্ৰয় কেন্দ্ৰৰ সঞ্চালক জিতেন দাসে অৱগত কৰা অনুসৰি বৰ্তমানলৈকে ১৫০ জন উৎসাহিত কৃষকে কেন্দ্ৰটিত নাম পঞ্জীয়ন কৰাৰ লগতে ৫১৩২.৪০ কুইন্টল ধান ইতিমধ্যেই কেন্দ্ৰটিয়ে ক্ৰয় কৰিছে। পৰিদৰ্শন কালত ধান ক্ৰয় কেন্দ্ৰটোত নাম পঞ্জীয়ন কৰা প্ৰথম জন কৃষক দুলেশ্বৰ ডেকাৰ সৈতেও বাৰ্তালাপ কৰে। ডেকাই অৱগত কৰা অনুসৰি মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এনে পদক্ষেপৰ দ্বাৰা স্থানীয় কৃষক সকল উৎসাহিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৃষক সকলৰ সুবিধাৰ্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ দ্বাৰা কৃষক সকল যথেষ্ট উপকৃত হৈছে বুলি কৃষক সকলে অৱগত কৰে ৷