শিল্পী অপূৰ্ব বেজবৰুৱাৰ মৃত্যু তিথি
ৰঙিলী বাৰ্ত্তাসেৱা- অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত শিল্পী বঁটাপ্ৰাপক অপূৰ্ব বেজবৰুৱাৰ প্ৰথম মৃত্যুতিথি আজি চমু কাৰ্যসূচীৰ মাজেৰে তেওঁৰ বাসগৃহ চৌহদত অনুষ্ঠিত কৰা হয় ৷ অনুস্থানত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ন্যাসৰ সদস্য সকলৰ লগতে পৰিয়ালবৰ্গ উপস্থিত থাকে ৷ দুহেজাৰৰো অধিক গীত লিখা আৰু সুৰ কন্ঠ আৰু ছবি পৰিচালক শিল্পী গৰাকীৰ সৃষ্টি সমূহ জীয়াই ৰখাৰ বাবে ন্যাসৰ তৰফৰ পৰা প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি সিদ্ধান্ত লোৱা হয় ৷ অহা পোন্ধৰ অক্টোবৰত তেওঁৰ জন্মদিনত এখনি গ্ৰন্থও প্ৰকাশ কৰা হ’ব ৷তাৰবাবে এই অনুষ্ঠানতে লেখনি আহ্বান কৰা হয়৷