অজিত ভূঞা আটাইতকৈ দূৰ্নীতিগ্ৰস্থ সাংসদ: ৰাজ্যিক বিজেপি

অজিত ভূঞা আটাইতকৈ দূৰ্নীতিগ্ৰস্থ সাংসদ: ৰাজ্যিক বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা-  সাংসদ অজিত কুমাৰ ভূঞাক মানসিকভাৱে গেলি পচি যোৱা নিকৃষ্ট মনোবৃত্তিৰ লোক বুলি আজি বৰ্ণনা কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই।দলৰ‌ মুখ্য কাৰ্যালয় অটল‌ বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত শৰ্মাই এনেদৰে কয়।প্ৰায় তিনি দশক ধৰি সাংবাদিকতাৰ লগত জড়িত থাকি বাতৰি কাকত আৰু টেলিভিছন চেনেলৰ জৰিয়তে সৰ্ব সাধাৰণক দুৰ্নীতিৰ বিৰুদ্ধে সজাগ কৰি অহা ভূঞা নিজে উন্নয়নৰ ধন আত্মসাৎ কৰাৰ অভিযোগত লুতুৰি পুতুৰি হৈ পৰিছে।ই সঁচাকৈ অতি পৰিতাপৰ‌ কথা বুলি বিজেপি মুখপাত্ৰ জনে কয়। অসমৰ জনসাধাৰণে অজিত কুমাৰ ভূঞাৰ‌ পৰা অতি উচ্চ মান‌ বিশিষ্ট চিন্তাধাৰাৰে পৰিস্পুষ্ট হৈ দেশ‌ তথা জাতিৰ উন্নয়নৰ বিষয়ে ৰাজনৈতিক আৰু আৰ্থিক দিশ সামৰি সঠিক পথ প্ৰদৰ্শকৰ ভূমিকা লব বুলি আশা কৰা হৈছিল। কিন্তু চূড়ান্ত ভণ্ডামিৰে বৰ্তমান অজিত কুমাৰ ভূঞা ব্যাপক দূৰ্নীতিৰে জাতীয় খলনায়কত হে পৰিণত হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে। শৰ্মাৰ‌ মতে‌ স্খলিত চিন্তা চৰ্চাৰে বৰ্তমান অজিত কুমাৰ ভূঞা আটাইতকৈ দূৰ্নীতিগ্ৰস্থ সাংসদ।