মাথোঁ ‌তুমি এবাৰ সহাঁৰি দিয়া – বৰষা ৰাণী হাজৰিকা

PC-Hindustan

মাথোঁ ‌তুমি এবাৰ সহাঁৰি দিয়া

বৰষা ৰাণী হাজৰিকা

আজিচোন তুমি বৰ ধুনীয়া হৈ আহিছা;
উফ্….!
চানগ্লাছযোৰ পাৰিলে খুলিবাচোন।
মোৰো মন‌ যায় নহয়,
তোমাৰ দুচকুত মোৰ প্ৰতি
থকা ভালপোৱাৰ গভীৰতা চাবলৈ।
এদিন ওলাবা নহ’লে…
জিক্ মিক্ আকাশৰ তলত,
ষ্ট্ৰীট লাইটৰ পোহৰত
হাতে হাত ধৰি খোজ কাঢ়িম দুয়ো,
ভাগৰুৱা অনুভৱ হ’লে
সেই বকুলজোপাৰ তলতে ৰ’ম।
গঢ় দিম এটি ৰোমাঞ্চকৰ সন্ধিয়া;
যদি আছে তোমাৰো মন।
অনুভৱৰ সেই পৃথিৱীখন
বাস্তৱিকতাৰ ৰূপ দি
গঢ় দিওঁ এখন নতুন পৃথিৱী !
য’ত তুমি আৰু মই মিলি সজাম ,
সপোনৰ সেই অট্টালিকাটি।
য’ত থাকিব আমাৰ মৰম আৰু ভালপোৱা
মাথোঁ তুমি এবাৰ সহাঁৰি দিয়া।