প্ৰেমৰ দিৱস-মিন্টু গোৱলা

Pc Times of India
প্ৰেমৰ দিৱস(ভেলেন্টাইন ডে, Valentine day)
প্ৰেমৰ হ’ল এক স্বৰ্গৰ অনুভূতি ।প্ৰেম এক পবিত্ৰ বান্ধোন ।যত মৰম , ভালপোৱা,অভিমান,আৱেগ, সহানুভূতি থাকে ।প্ৰেমৰ কেনেকৈ আৰু কেতিয়া হয় কোনোৱে গম নাপায়। যেতিয়া এখন হিয়া আন এখন হিয়াৰ দুখ ,মৰম ,যন্ত্ৰনা , অনুভৱ বোৰ বুজি পাবলৈ সক্ষম হয় , তেতিয়াই প্ৰেমৰ অনুভৱ বা অনুভূতি হিয়াত জাগি উঠে।
               বৰ্তমান সময়ত প্ৰেমৰ দিৱস হিচাবে পালন কৰি আহিছে ।যাক ইংৰাজীত Valentine day বুলি কোৱা হয়। অসমীয়াত প্ৰেমৰ দিন বা দিৱস বুলি কʼয় ।এই প্ৰেমৰ দিনটো বিশেষকৈ পালন কৰা হয় ,১৪ফেব্ৰুৱাৰী তাৰিখে ।এই দিনৰ এক বিশেষ তাৎপৰ্য আছে ।
                             প্ৰায় ডেৰ হেজাৰ বছৰ আগৰ কথা ।ভাৰতক বাদ দি প্ৰায়বোৰ দেশতে বিশেষকৈ ইউৰোপ মহাদেশ ভাৰতৰ নিচিনাকৈ বিবাহৰ প্ৰচলন নাছিল।আনকি স্হায়ী বস বাস বা পৰিয়াল পাতি বস বাস কৰা কোনো প্ৰক্ৰিয়া নাছিল ।
সেই সময়ত ইংৰাজ সকলে নাৰীক কেৱল ক্ষন্তেকীয়া ভোগৰ সামগ্ৰী হিচাবেহে ব্যৱহাৰ কৰিছিল।মন গ’লেই ইজনীক এৰি সিজনীক লোৱাটোত কোনো বাধা নিষেধ নাছিল।নাৰীয়ে পুৰুষক কেৱল যৌন সুখ দিয়াৰ বাহিৰে আন একোতেই অধিকাৰ নাছিল ।এটাই ধৰ্ম Live in Relationship এজনী দুজনী ১০/২০/৪০/৫০জনী যিমানেই Relation নহওঁক ।
সেয়ে বনৰ পশু পক্ষীৰ নিচিনাকৈ কাৰ ঔৰষত কোন সন্তান জন্মিল তাৰ কোনো স্বয়ং মাক দেউতাকেও নাজানে । তেওঁলোকে স্বামী, স্ত্ৰী মানে ক্ষন্তেকীয়া Boy Friend/Girl Friend হে হয় ।
সন্তান জন্ম হ’লে গিৰ্জা ঘৰত দিয়া হয় আৰু তাত থকা সকলেই Father,Mather,Brather,Sister,uncle,মহা,মাহী,দেখা,জেঠী,পেহা ,পেহী,মাম ,ভাগিন এইবোৰ একো নাই ।১৯৫০চনত যেতিয়া নাৰীৰ বাবে কিছু আইন সংশোধন কৰাৰ পিছত এতিয়াহে ৩০/৪০শতাংশ লোকে স্হায়ী পৰিয়াল পাতি বাস কৰিব লৈছেহি ।সেই সময়ছোৱাত কোনো প্ৰেমৰ বিশেষ দিন হিচাবে  পালন কৰা নাছিল ।
৪৭৮ চনৰ কথা সেইসময়ত ইউৰোপত ভেলেন্টাইন নামৰ এজন অতি বিদ্বান লোকৰ আৱিৰ্ভাৱ হয় । তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি ভাৰতৰ লেখিয়া স্হায়ী পৰিয়ালৰ ব্যৱস্থাত খুবেই সন্তুষ্ট হৈছিল আৰু ইউৰোপতো সেই ব্যৱস্থাৰ প্ৰচলনৰ বাবে বহুতকে বুজাইছিল।শেষত তেওঁ গিৰ্জাৰ পাদ্ৰী নিযুক্ত হয় ।পাদ্ৰী হৈ বিবাহ‌ ব্যৱস্হা পৰিয়াল পাতি বস বাস কৰা আদি বিষয়ে বহুতকে বুজালে ।ডেকাচামত বুজাই বুজাই শ শ যুৱক যুৱতীক বিয়া পাতি  স্হায়ী পৰিয়াল পতালে।
সেই সময়ত ৰোমৰ একচত্ৰী ৰজা আছিল।ক্লডিয়াচ (Claudius) তেওঁ অতি পৰাক্ৰমী , দুৰ্দান্ত আৰু নিৰ্দয় ৰজা আছিল ।ৰজাৰ  বিনা অনুমতিত ভেলেন্টাইনে বিয়া পতা আইন বিৰুদ্ধ কাম কৰা শুনাৰ লগে লগে ৰজাই  ভেলেন্টাইনক বন্দি কৰি ফাঁচীৰ হুকুম জাৰি কৰিলে।আগৰ দিনত ফাঁচী দিয়া কাৰ্য্য ৰাজহুৱা স্থানত ৰাইজক দেখুৱাই কৰা হৈছিল ।ভেলেন্টাইনকো তেওঁৰ অনুগামী বিয়া পতা সমূহ দম্পত্তীৰ সন্মুখত ৪৯৮চনৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে নৃশংস ভাৱে ফাঁচী দিয়া হয় ।পৰৱৰ্তী কালত সেই দম্পত্তী সকলে তেওঁলোকৰ প্ৰিয় পাদ্ৰীজনৰ উক্ত তাৰিখটোক ভেলেন্টাইন দিৱস এটি শোকৰ দিৱস হিচাবে পালন কৰিবলৈ লয় ।
           অসমত ইয়াক প্ৰেমৰ দিন বুলি পালন কৰে। যত প্ৰেমিকে প্ৰেমিকাৰ মৰমৰত কিছুমান উপহাৰ দিয়ে ।এই দিনটোত প্ৰেমিক প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনৰ ফুলেৰে মিঠাই বা মৰম বাৰ্তাৰে সম্ভাষণ জনায় ।
               ‌
মিন্টু গোৱলা,
লখিমপুৰ কদম