বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে সংঘটিত হ’ল মৰ্মান্তিক ঘটনা

বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে সংঘটিত হ’ল মৰ্মান্তিক ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযানৰ মাজতে সংঘটিত হৈছে এক কৰুণ ঘটনা।পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাত চৰম সিদ্ধান্ত ল’লে এগৰাকী মহিলাই।এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মানকাচৰত।ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ২০১২ চনতে মনোজ মিঞাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু বেগম।বিবাহপাশত আ‍দ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স আছিল ১২ বছৰ।কিন্তু দুৰ্ভাগ্যজনকভাৱে কোভিডত মৃত্যু হৈছিল খুচবুৰ স্বামীৰ।এতিয়া খুচবুৰ বয়স ২৩ বছৰ আৰু ২ সন্তানৰ মাতৃ।কিন্তু শেহতীয়াকৈ ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ সময়তে খুচবুৱে ল’লে চৰম সিদ্ধান্ত।অবৈধ স্বামীক ধৰাৰ অভিযান দেখি শংকিত হৈ পৰিছিল বোৱাৰীগৰাকী।চৰকাৰৰ অভিযানত পিতৃ-মাতৃ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত আত্মহননৰ পথ বাচি লয় দুই সন্তানৰ মাতৃ খুচবুৱে।খচবুৰ চৰম সিদ্ধান্তৰ পিছত এতিয়া পিতৃগৃহত হাহাকাৰ লাগিছে।