সকলোৰে মৰমৰ কলিজা আইতা আৰু নাই

সকলোৰে মৰমৰ কলিজা আইতা আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- কলিজা আইতা আৰু নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ১০৮ বছৰীয়া কলিজা আইতাই। বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ সুভদ্ৰা দেৱী আইতাই। আজি পুৱা চিকিৎসালয়তে অন্তিম নিশ্বাস ত্যাগ কৰে আইতাই। উল্লেখযোগ্য যে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা এইগৰাকী আইতা বহু লোকৰে আপোন। কিছুদিন পূৰ্বে আইতাক ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত। ১০৮ বছৰীয়া আইতাৰ দেহত বাৰ্ধক্যজনিত সমস্যাই দেখা দিছিল। জিএমচিএইচৰ চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আইতাই।