টাই আহোম জনগোষ্ঠীৰ মে-ডাম-মে-ফি -ৰশ্মি ৰেখা দুৱৰা

Pc Amar Chitra Katha

টাই আহোম জনগোষ্ঠীৰ মে-ডাম-মে-ফি
                   

ৰশ্মি ৰেখা দুৱৰা
                                 ডিব্ৰুগড়।

জানুৱাৰী মাহৰ ৩১ তাৰিখে টাই আহোম জনগোষ্ঠীয়ে মে-ডাম-মে-ফি পালন কৰে। মে-ডাম-মে-ফি হৈছে সামাজিক নীতি-নিয়মৰ দ্বাৰা টাই আহোম ধৰ্ম অনুসৰি পালন কৰা পৰম্পৰাগত উৎসৱ।এই দিনটোতে আহোম সকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে।অসমৰ বিভিন্ন ঠাইত টাই আহোমসকলে ৩১ জানুৱাৰী দিনটোত উলহ-মালহেৰে মে-ডাম-মে-ফি পালন কৰা দেখা যায়।মে-ডাম-মে-ফিৰ অৰ্থ হৈছে-মে মানে তৰ্পণ,ডাম মানে মৃতক আৰু ফি মানে হৈছে মৃতকৰ দেও।অৰ্থাৎ,পূৰ্বপুৰুষ বা মৃতক দেৱতাক স্মৰণ কৰি সন্তুষ্ট কৰিবৰ বাবে কৰা পূজা।প্ৰচলিত বিস্বাস অনুসৰি জানিব পৰা যায় যে মে-ডাম-মে-ফিৰ নীতি-নিয়ম সমূহ চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জীবিদ ম’-মুন্-ম’-মাই দেওধায়ে অসমলৈ আনিছিল।এই পৰম্পৰা অসমত পোন-প্ৰথমে টিপামৰ বুঢ়াডাঙৰীয়া থানত আয়োজন কৰা হৈছিল।উল্লিখিত দিনটোত নীতি-নিয়ম সমূহ পালন কৰা আগেয়ে ৰাইজে একেলগ হৈ ড্ৰেগন অংকিত পতাকা উত্তোলন কৰে।পৰৱৰ্তী সময়ত সকলো ৰাইজে গোট খাই পৰম্পৰাৰ বাবে এখন আঠচুকীয়া দেওশাল সাজে আৰু আহোমসকলৰ পিতা লেংডন দেৱতা প্ৰমুখ্যে কৰি আঠজন ‘ফী’ক উপাসনা কৰে।আৰু সেই ঠাইতে ৰাইজে মিলি ভোজভাত খায়।টাই আহোম সকলৰ মাজত জনবিস্বাস আছে যে,উপৰিপুৰুষ সকলে মৃত্যুৰ পাছত দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ যিকোনো এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা সন্তান-সন্ততি সকলৰ অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰে।আহোমসকলে পুনৰ জন্মক বিস্বাস নকৰে।মৃতকৰ আত্মাই কিছুদিন ধৰি ভ্ৰমি ফুৰে।উত্তৰ পুৰুষে যেতিয়া মৃতকক পূজা দিয়ে, তাৰপাছতেই দেৱতালৈ ৰূপান্তৰিত হয়।আহোমসকলে ৰাজহুৱাকৈ পূৰ্বপুৰুষক পূজা কৰাৰ উপৰিও ঘৰুৱাভাৱে বিয়া-সবাহ, উৎসৱ-পাৰ্বণতো পূৰ্বপুৰুষ সকলক স্মৰণ কৰি পাকঘৰত সাঁজ মাইহাংত সজাই পূজা কৰা হয়।অৰ্থাৎ, যাক কোৱা হয় মৃতকক দিয়া।মৃতক দেৱতাৰ জৰিয়তে ভগৱানক প্ৰাৰ্থনা জনাই ঘৰখনৰ মংগলৰ বাবে আশীৰ্বাদ বিচাৰে।ঠাইভেদে কিছুঠাইত পাঁচখন আৰু কিছুঠাইত তিনিখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়।আৰু মৃতক দেৱতাই পৰিয়ালৰ সকলোকে সুৰক্ষা প্ৰদান কৰে বুলিও বিস্বাস কৰা হয়।আহোম সকলে ঘৰুৱাভাৱে পালন কৰাৰ উপৰিও ৩১ জানুৱাৰী দিনটোত সামাজিক ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰদ্ধাৰে পূৰ্বপুৰুষক সন্মান জনায়।তদুপৰি টাই আহোম সকলৰ লগত আন জনগোষ্ঠীয়েও উক্ত ৰাজহুৱা অনুষ্ঠানত ভাগ  লয়।আমি সকলোৱে ৰাজহুৱা অনুষ্ঠান খনত পূৰ্বপুৰুষ সকলক স্মৰণ কৰি নিজৰ লগতে জগতখনৰ শান্তিৰ বাবেও প্ৰাৰ্থনা জনাই আশীৰ্বাদ লোৱাটোৱেই আমাৰ কাম্য।