জনসংযোগ সঞ্চালকালয়ৰ তিনিগৰাকী বিষয়া-কৰ্মচাৰীৰ অৱসৰ 

জনসংযোগ সঞ্চালকালয়ৰ তিনিগৰাকী বিষয়া-কৰ্মচাৰীৰ অৱসৰ 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত কৰ্মৰত তিনিগৰাকী বিষয়া- কৰ্মচাৰী ক্ৰমে যুটীয়া সঞ্চালক দুৰ্য্যন্ত মাধৱ শৰ্মা, উপ সঞ্চালক প্রমোদ কুমাৰ দত্ত আৰু উচ্চবর্গৰ সহায়ক গিৰীশ চন্দ্ৰ শৰ্মাই অৱসৰ গ্ৰহণ কৰেএই তিনিগৰাকী বিষয়া-কৰ্মচাৰীৰ অৱসৰ উপলক্ষে সঞ্চালকালয়ৰ সভাগৃহত এখন বিদায় সভা অনুষ্ঠিত হয়।  জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিদায়ী বিষয়া- কৰ্মচাৰীকেইগৰাকীক প্ৰশস্তি-পত্ৰ, গামোচা, শৰাই আৰু জনসংযোগ স্মাৰকেৰে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। সভাত ভাষণ প্রদান কৰি কেইবাগৰাকী বিষয়া-কৰ্মচাৰীয়ে বিদায়ী বিষয়া- কৰ্মচাৰীকেইগৰাকীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা, তেওঁলোকৰ কৰ্তব্যনিষ্ঠা, কর্মকুশলতা আৰু অন্যান্য গুণৰাজিৰ বিষয়ে উল্লেখ কৰে। বক্তাসকলে কয় যে সুদীর্ঘকাল জনসংযোগত এগৰাকী কৰ্মচাৰী হিচাপে সেৱা আগবঢ়োৱা গিৰীশ চন্দ্ৰ শৰ্মাই বিনয়ী গুণৰ বাবে সহকৰ্মীসকলৰ মাজত সমাদৰ লাভ কৰিছিল।

সভাত দুষ্যন্ত মাধৱ শৰ্মাই ৰাজ্যখনৰ বিভিন্ন জিলাত জনসংযোগ বিষয়া হিচাপে নিষ্ঠা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাৰ কথা কেইবাগৰাকী বক্তাই তেওঁলোকৰ ভাষণত উল্লেখ কৰে। সহকৰ্মীসকলে সুবক্তা আৰু সৰবৰহী লোক ৰূপে পৰিচিত শৰ্মাৰ সুদীৰ্ঘ নিৰোগী জীৱন কামনা কৰি শুভেচ্ছা জনায়এগৰাকী তথ্য আৰু জনসংযোগ বিষয়া হিচাপে ৰাজ্যৰ বিভিন্ন স্থানত সেৱা আগবঢ়াই জনসংযোগ সঞ্চালকালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰমোদ কুমাৰ দত্তৰ এগৰাকী সুদক্ষ বিষয়া হিচাপে সুনাম আছে। আজিৰ সভাত বিদায়ী সম্ভাষণ জনোৱা বিষয়াকৰ্মচাৰীসকলে কৰ্তব্য সম্পাদনৰ সময়ত প্রমোদ কুমাৰ দত্তৰ পৰা লাভ কৰা সহযোগিতা, মাৰ্গদৰ্শন আৰু অমায়িক তথা ভাতৃত্বসুলভ ব্যৱহাৰৰ কথা কৃতজ্ঞতাৰে উল্লেখ কৰে ৷ এজন কবি, ঢোলৰ ওজা, চিত্রশিল্পী হিচাপেও সুপৰিচিত দত্ত অৱসৰ গ্ৰহণৰ পৰবৰ্তী কালছোৱাত অধিক সৃষ্টিশীল হ’ব বুলি আশা কৰি সহকৰ্মীসকলে শুভেচ্ছা জ্ঞাপন কৰে । সভাত তিনিওগৰাকী বিদায়ী বিষয়াকৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া চাকৰি জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ কথা উল্লেখ কৰে । তেওঁলোকে বৰ্তমান কৰ্মৰত বিষয়াকৰ্মচাৰীসকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্য সমাপন কৰি জনসংযোগৰ সুনাম বৃদ্ধিত অৰিহনা যোগাবলৈ আহ্বান জনায়। এই সভাত তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰা, অতিৰিক্ত সঞ্চালক প্রদীপ ব্ৰহ্ম, যুটীয়া সঞ্চালক জ্যোতিৰ্ময় চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী বিষয়া-কৰ্মচাৰীয়ে ভাষণ প্ৰদান কৰে৷ সভাত যুটীয়া সঞ্চালক দীননাথ লয়িং, উপ সঞ্চালক প্ৰাণজিৎ হাজৰিকাকে ধৰি সঞ্চালকালয়ৰ বিষয়াকৰ্মচাৰীসকল উপস্থিত থাকে ৷