সপোন হৈ থাকিলা তুমি
সময় আহে সময় যায়,কাৰো বাবে নাথাকে ৰৈ।এই চিৰন্তন সত্য কথাটোকে ভাবি আকৌ এবাৰ সান্তনা লভাৰ চেষ্টা কৰিছে অজিত বেজবৰুৱাই। কলেজ খনৰ গেটৰ সন্মুখত উভতি যোৱা বাটত থমিকি ৰৈ কলেজ খনৰ নামটোত চকু থৈ চাইছে এখন্তেক। ডাঙৰ ডাঙৰ নামেৰে লিখা আছে লাহৰীঘাট মহাবিদ্যালয় স্থাপিত আজি পৰা পঞ্চাশ বছৰ আগতে নৱেম্বৰ মাহৰ আজি দিনটোত।
সেই পঞ্চাশ বছৰৰ ভিতৰৰে তিনি বছৰ অধ্যয়ন কৰিছিল সি এই মহাবিদ্যালয়ত। প্ৰচুৰ মেধা ছাত্ৰ অজিতে শিক্ষাৰ সমানে সুন্দৰ কণ্ঠৰ অধিকাৰী হোৱাৰ বাবে গীতেৰেও মুহিছিল কলেজৰ সকলোকে। শিক্ষক,ছাত্ৰ,ছাত্ৰী কোন নাছিল তাৰ কণ্ঠৰ প্ৰেমিক। কলেজ সুন্দৰীৰ হিয়াত মাত্ৰ তাৰ নাম হে” বাজিছিল ক্ৰমে ক্ৰমে। বহুতেই মনৰ নিয়ন্ত্ৰণ হেৰুৱাই তাক ভালপোৱ বিচাৰি মুকলিকৈ ভালপোৱাৰ প্ৰস্তাৱ দিবলৈও কণ্ঠবোধ কৰা নাছিল।কিন্তু কাৰো প্ৰস্তাৱ আদৰি লোৱা নাছিল লাজুকীয়া স্বভাৱৰ নাৰীৰ পৰা সদায় দূৰত থাকিব বিচৰা সি।
তেতিয়া চলি আছিল সিহঁতৰ দ্বিতীয় বৰ্ষ, এদিন আৰম্ভ হৈছিল প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী বাবে পতা আদৰণি উৎসৱ। আহিছিল সিদিনা এজনী ছোৱালী। নাম মোহিনী। মুহূৰ্ততে তাৰ গাত লাগিছিল কোনো দিন নলগা প্ৰেমৰ এজাক মলয়া। শিহৰণ নমাই দিছিল সমগ্ৰ দেহত। বলিয়া হৈ পৰিছিল, প্ৰথম প্ৰেমৰ দুৱাৰৰ তলা খোলাৰ হেঁপাহত।
গোলাপী ওঁঠৰ ফাঁকেৰে নিগৰা সেই হাঁহিটো, হৰিণী নয়নৰ চাৱনিতুৱে, এখন মিঠা মিঠা লগা মুখৰ দৃশ্যই বহু নিশা তাক টোপনি যোৱাত বাধা দিছিল। তাৰ শয়ন সপোন সকলোতে মাত্ৰ সেই মেঘালী চুলিৰ মৰম লগা মোহিনীয়ে ৰাজত্ব কৰিছিল।
সময় বাগৰি গৈছিল ভাৱনাতে বহু দিন যোৱাৰ পাছত এদিন হঠাৎ মিলিত হৈছিল কলেজৰ বাৰ্ষিক অধিবেশন সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানৰ প্ৰস্তুতি শিবিৰত।কাৰণ তাইৰো আছিল এটা সুন্দৰ কণ্ঠৰ অধিকাৰী, সেয়ে অজিতৰ লগত গীতৰ শৰাই দিয়াৰ উদ্দেশ্যে নিৰ্বাচন কৰা হ’ল ছাত্ৰ একতা সভাৰ তৰফৰ পৰা তাইক। সেই নিশা সিহঁত দুয়ো মিলি বেছ উপভোগ্য কৰি তুলিছিল সকলোৰে বাবে। ইটোৰ পিছত সিটো কৈ বহু গীতেৰে গোটেই কলেজ ফ্লিল্ড আলোড়ন তুলিছিল।
সেয়াই আৰম্ভণি ,,সম্পূৰ্ন এবছৰ দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্বৰ এক গভীৰ সম্পৰ্ক। বহাগৰ নিজান দুপৰীয়া, ফাগুনৰ ধূসৰ আবেলি, শীতৰ সেমেকা সন্ধ্যা সকলোকে সিহঁতি উপভোগ্য কৰি তুলিব পাৰিছিল। কৃষ্ণচূড়াৰ প্ৰেমৰ ৰং বোৰ, সোণাৰুৰ হালধীয়া হাঁহি বোৰ সিহঁত আগত প্ৰভাৱ বিস্তাৰত ক্ষমতা নাই যেন হৈ পৰিছিল। সকলোতে মাত্ৰ সিহঁতি জিলিকিছিল।
যদিও বন্ধুত্ব,, তথাপি প্ৰেমলৈ ৰূপান্তৰ কৰিব বিচাৰিছিল অজিতে।কিন্তু সাহস হোৱা নাছিল।সি ভয় কৰিছিল যদি প্ৰেমৰ প্ৰেমিকা হোৱাত প্ৰস্তাৱ দিয়াত যদি ভাগি যায় সিহঁতৰ বন্ধুত্ব !কিন্তু মনৰ হেঁচাত এদিন বাধ্য হৈ সিদ্ধান্ত সলনি কৰিছিল। তাইক প্ৰেমিকা ৰূপহে ৰাখিলেহে আজীৱন বিচাৰি পাব সি বা বুজি উঠিছিল।
এদিন তাৰেই উদ্দেশ্য লৈ তাইক নিমন্ত্ৰণ কৰিছিল চহৰৰ সেই ৰেষ্টুৰেনত খনলৈ য’ত সি নজনাকৈয়ে তাই আগৰে পৰা প্লেন কৰিছিল আছিল প্ৰেমৰ দিৱস পালনৰ উদ্দেশ্য লৈ। কথাটো তাইক কৈছিল সি এদিন। তাইও একে সময়তে কৈছিল মই আগৰ পৰা তালৈ যোৱাৰ কথা আছে। তোমাকো লৈ যাম মোৰ এজন বিশেষ আহিব সেইদিনা।সি ও ক’লে ঠিক আছে।কিন্তু এবাৰো নাভাৱিলে যে এনেকুৱা ও হ’ব পাৰে বুলি ।নিৰ্দিষ্ট সময়ত সি উপস্থিত । কিছু সময় ইফালে সিফালে চাই দেখা পালে তাইক। লগত এটা ল’ৰা। কোন হ’ব পাৰে! সহজ সৰল অজিতৰ মনত ভাব হ”ল বন্ধু। অৰ্থাৎ তেতিয়াও ভবাই নাছিল তাইৰ যে প্ৰেমিক সেইজন। সিফালে মোহিনী য়ে তাক দেখি আনন্দৰ সীমা নাই। এবাৰত উঠি গৈ তাৰ হাত খন খামুচি ধৰি বহি বহি থকা লৰাটোক ক’লে এইয়া মোৰ সকলোকৈ ভাল মৰম বন্ধু। লগে লগে লৰা জনে আগবঢ়ালে কৰ্মদন বাবে হাত খন সিও এটা মিঠা হাঁহিৰে কৰ্মদন কৰিলে। তাৰ পাছতে কৈ গৈ গ’ল মোহিনীয়ে অজিতৰ কলিজা ভগা সেই শব্দ কেইটা। এইয়া প্রেমিক মিষ্টাৰ অনুৰাগ বৰুৱা যিয়ে তাক কাঁইট হৈ খুচি অৱশ কৰি পেলাইছিল ভিতৰি ভিতৰি পলকতে। লগে লগে খং, দুখ,বেজাৰ, আবেগে তাক হেঁচা মাৰি ধৰিছিল। বুকু খন খুব বিষাইছিল। কোনো দিন এনে শব্দ শুনিম বুলি কেতিয়াও নভবা আজি শুনিলে। সম্পূৰ্ন প্ৰস্তুত হৈ গৈছিল সি আজি যেন ৰচি দিব ইতিহাসত গোলাপৰ দিনত প্ৰেম ভৰা এটি গোলাপী কবিতা তাইৰ নামত। পিছে ভবা দৰে নহ’ল তাৰ।কোনো দিন ভালপোৱা, প্ৰেমৰ কথা নোকোৱা,অকল প্ৰকৃতি,বন্ধুত্ব, গীত ভালপোৱা ছোৱালী জনীৰ যে এজন প্ৰেমিক আছে।যাক এবছৰ তাই গোপনে ৰাখিছিল তাৰ পৰা।সি বহুত দেৰি কৰি দিলে সম্ভৱ।
তাৰ হিংসা হৈ গৈছিল সেই ল’ৰাটোৰ প্ৰতি। মোৰ উপস্থিতিত তাৰ ইমান সাহস, মোহিনীৰ লগত হাতত হাত থৈ প্ৰেমৰ বতৰা দিবলৈ। চিঞৰি চিঞৰি কান্দি দিওঁ যেন লাগিছিল কিন্তু সি নাকান্দিলে কাৰন সি জানিছিল লাভ নাই ।
আবেগিক হৈ পৰা সি যেন উশাহ ল’বলৈ পাহৰি গৈছিল। তথাপি সি নিচুপ হৈ মাত্ৰ এটা শেঁতা হাঁহিৰে সিহঁতৰ ধেমালি চাই আছিল। উপায় নো আছে কি? সময়ৰ খেল, ভাগ্যৰ লেখা। আমি মাত্ৰ তাৰ দাস। ক্ষন্তেক পিছতে এটি অজুহাত সি সিহঁতৰ কাষ এৰি ওলাই আহিছিল বাহিৰলৈ কাৰণ সেই সময়ত কিছু মুকলি বতাহৰ খুব প্ৰয়োজন অনুভৱ কৰিছিল।
মুন শৰ্মা,
বছাগাও,লখিমপুৰ
বছাগাও,লখিমপুৰ
