‘চৰকাৰী শীৰ্ষ বিষয়াৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ালে,বিদ্যালয়ৰ গুণমান উন্নত হ’ব’:- সত্যজিৎ গগৈ

‘চৰকাৰী শীৰ্ষ বিষয়াৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ালে,বিদ্যালয়ৰ গুণমান উন্নত হ’ব’:
মোৰ বোধেৰে কেৱল শীৰ্ষ চৰকাৰী বিষয়াৰেই নহয় সকলো চৰকাৰী কৰ্মচাৰীৰ সন্তান সকলক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাব লাগে।তেওঁলোকৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ালেই যে গুণগত মান উন্নত হ’ব এনে নহয়।কিয়নো চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি,পৰ্যাপ্ত পৰিমানৰ শিক্ষক নিযুক্তি,প্ৰয়োজনীয় অত্যাধুনিক সা-সামগ্ৰী আদিৰো প্ৰয়োজন আছে।এনে সা-সুবিধা সমূহ থাকিলেহে ছাত্ৰ ছাত্ৰী সকলৰ সৰ্বাংগীণ উন্নতি হ’ব আৰু চৰকাৰী বিদ্যালয় সমূহ জীয়াই থাকিব।তদুপৰি আমাৰ অসম ৰাজ্যত শিক্ষক সকলৰ কাম বহুত।শিক্ষা প্ৰদানৰ ওপৰিও পিয়ল কৰ্মী,স্বাস্থ্য কৰ্মী,নিৰ্বাচনৰ বিষয়া আদি ৰূপতো আমাৰ শিক্ষক সকলক দেখা যায়।সেইবোৰ কৰি থাকোঁতে শিক্ষক সকলে শিক্ষা দান কৰিবলৈ সময়ে নাপায়।তেনে ক্ষেত্ৰত কেনেকৈ এখন চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নত হ’ব ইও এক চিন্তনীয় বিষয়!এখন সমাজক শিক্ষা অবিহনে কল্পনাই কৰিব নোৱাৰি।সেয়েহে আমি অসমৰ জনগণে আমাৰ সন্তান সকলক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবলৈ হ’লে চৰকাৰৰ যথেষ্ট কৰণীয় আছে।কেৱল চৰকাৰী কৰ্মাচাৰী সকলক দুখ দিলেও লাভ নহ’ব।কিয়নো চৰকাৰে বিদ্যালয় সমূহত পৰ্যাপ্ত পৰিমানৰ সুবিধা দিব পৰা নাই।বৰঞ্চ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ খোলাতহে অধিক গুৰুত্ব দিয়া দেখা গৈছে।চৰকাৰে বিদ্যালয় সমূহত সকলো সুবিধা দিয়ক আৰু  শিক্ষক সকলক কেৱল শিক্ষা প্ৰদানত মনোনিৱেশ কৰিব পৰকৈ এক শৈক্ষিক বাতৱৰণ সৃষ্টি কৰক।তেতিয়া দেখিব যে সকলো দিশতে অসম আধবাঢ়িব ধৰিছে।
সত্যজিৎ গগৈ
নাহৰকটীয়া, ডিব্ৰুগড়