গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস সম্পন্ন দুদিনীয়াকৈ সম্পন্ন হৈ  যায় শিল্পী দিৱস

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস সম্পন্ন দুদিনীয়াকৈ সম্পন্ন হৈ  যায় শিল্পী দিৱস

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জাতীয় জীৱনৰ পুৰোধা ব্যক্তি, তথা  অসমৰ সমাজ-সংস্কৃতিৰ গুৰি ব’ঠা ধৰোতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিন, ১৭ জানুৱাৰী তাৰিখটোত অসমবাসীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই অতি শ্ৰদ্ধা তথা মান্যতাৰে প্ৰত্যেক বছৰে ‘শিল্পী দিৱস’ হিচাপে পালন কৰি আহিছে। উল্লেখ্য যে – সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে অসমৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয়ভাৱে ‘শিল্পী দিৱস’ উদযাপন কৰি আহিছে। এই বছৰ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ আতিথ্যত ইং ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ শিল্পী দিৱস উদযাপন কৰা হয় গোলাঘাটৰ ‘সমন্বয় ক্ষেত্ৰত’। শিল্পী দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এলানি শৈক্ষিক প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান কাৰ্য্যসূচীৰে অতি সুন্দৰকৈ সমাপন কৰা হয়। বিশেষকৈ ইয়াত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা, থলিতে লিখা ৰচনা প্ৰতিযোগিতা আৰ্কষণীয় হয়। উল্লেখ্য যে চিত্ৰাংকন প্ৰতিযোগিতা বিচাৰক হিচাপে স্বনামধণ্য চিত্ৰকৰ ভৱকান্ত শইকীয়া আৰু বেণু শইকীয়া থাকে। থলিতে লিখা ৰচনা প্ৰতিযোগিতাৰ বিচাৰক হিচাবে থাকে গোলাঘাটৰ বিশিষ্ট লেখিকা অৰূপা নাথ আৰু লেখক, কবি মৃগাংক বৰুৱা। কবিতা আবৃত্তিৰ বিচাৰকদ্বয় হ’ল লেখিকা, সাংস্কৃতিক কৰ্মী, আবৃত্তিকাৰ ৰেখা সন্দিকৈ, আৰু আবৃত্তিকাৰ তথা অভিনেতা দেবজিৎ ৰাজখোৱা। ইফালে জ্যোতি সংগীত প্ৰতিযোগিতাৰ বিচাৰকদ্বয় সংগীজ্ঞ্য জয়ন্ত কুমাৰ নাথ আৰু তৰুণ শৰ্মা পূজাৰী থাকে। প্ৰতিযোগিতা সমূহ আৰম্ভ হোৱাৰ পূৰ্বে আটাইকেউজন বিচাৰকক একোখন ফুলাম গামোছা,জাপী, এটি স্মাৰক আৰু একোখন কৃতজ্ঞতা পত্ৰৰে সন্মান জনোৱা হয়।‘ক’ শাখাৰ চিত্ৰাংকন প্ৰতিযোগীতাত প্ৰথম হয় মানহা তবৰীজ হুছেইন, দ্বিতীয় অংশুমান লইং আৰু তৃতীয় তেজশ্ময়ী গগৈ। উদগণি বঁটা লাভ কৰে অনুৰাগ বুঢ়াগোঁহাইয়ে। ‘খ’ শাখাৰ চিত্ৰাংকন প্ৰতিযোগীতাত প্ৰথম হয় মেঘৰাগিণী বৰা, দ্বিতীয় সমীৰ ৰঞ্জন গগৈ, তৃতীয় গিতাৰ্থ বৈশ্য। ৰচনা প্ৰতিযোগীতাত ‘ক’  শাখাৰ প্ৰথম হয় অনুব্ৰতা হাজৰিকা, দ্বিতীয় শান্তিপ্ৰিয়া দেৱী, তৃতীয় সম্পূজ্য প্ৰবাল শইকীয়া । উদগণি মূলক বঁটা অনুপল কুমাৰ কলিতাই লাভ কৰে। ৰচনা প্ৰতিযোগীতাৰ ‘খ’ শাখাত প্ৰথম হয় ধ্ৰুৱজ্যোতি বৰা, দ্বিতীয় হিমাংশু শইকীয়া। তৃতীয়স্থান এজনেও লাভ কৰিব নোৱাৰিলে। কবিতাত ‘ক’ শাখাত প্ৰথম প্ৰিয়াক্ষী হাজৰিকা, দ্বিতীয় আকাশ নীল নেওঁগ, তৃতীয় নিলয় কল্যাণ গগৈ,  ‘খ’ শাখাত মেঘৰাগিনী বৰা প্ৰথম, সদ্যস্নতা শইকীয়া দ্বিতীয়, মেহজাবিন আহমেদে তৃতীয় স্থান লাভ কৰে। ‘গ’ শাখাৰ প্ৰথম হয়- শ্যামলীমা বৰা, দ্বিতীয় সমৃদ্ধি বৰা আৰু তৃতীয় স্থান লাভ কৰে প্ৰিয়ংকা হাজৰিকাই। ‘ঘ’ শাখাত প্ৰথম পুষ্পাঞ্জলী কলিতা, দ্বিতীয় শোভিত কমল বৰা, তৃতীয় ৰিমজিম শইকীয়া। জ্যোতি সংগীতৰ ক-শাখাত প্ৰথম হয় প্ৰান্তিকা প্ৰিয় শৰ্মা, দ্বিতীয় কুঁৱলী বৰা, তৃতীয় নিহাৰিকা দাস। খ-শাখাৰ প্ৰথম অভিনৱ বৰা, দ্বিতীয় স্নেহানন্দিনী গগৈ, তৃতীয় সান্নিধ্য গোঁহাই। গ-শাখাৰ প্ৰথম হয় বৃষ্টি মৌচম কাশ্যপ, দ্বিতীয় প্ৰাঙ্গনা কৌণ্ডিল্য, তৃতীয় প্ৰণৱজ্যোতি বৰা। জ্যোতিসংগীত প্ৰতিযোগীতাৰ মুকলি শাখাত প্ৰথম হয় দিব্যজ্যোতি মহন্ত, দ্বিতীয় পল্লৱী বৰুৱা উদগণিমূলক বঁটা লাভ কৰে দেৱাশীষ দুৰ্লভ হাজৰিকাই। উল্লেখ্য যে প্ৰতিযোগিতা বিভাগৰ মুখ্য আহ্বায়ক আছিল মুস্তাক হুছেইন, হেমা চৌধুৰী আৰু স্বাগতা শইকীয়া। ‘শিল্পী দিৱস’ উদযাপন সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱা, কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকন আৰু মুখ্য সম্পাদক অভিৱৰ্তন সোস্বামীয়ে সমূহ ৰাইজৰ সহযোগীতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।