ৰহস্যময়ী মৃতসাগৰ-কাজি শ্বাহাদত ইছলাম

Pc Times of India
ৰহস্যময়ী মৃতসাগৰ
  • আপুনি কেতিয়াবা এনেকুৱা এখন সাগৰৰ নাম শুনা পাইছে নে যি সাগৰ নহয় অথচ সাগৰ নামেৰেই গোটেই বিশ্বজুৰি পৰিচিত।সেই সাগৰৰ নাম হ’ল “মৃত সাগৰ”(dead sea)।” মৃত সাগৰ বা dead sea” ঠাইখনৰ নাম ভিন্ন ভিন্ন হ’লেও প্ৰকৃততে ই এখন ঠাইৰেই দুটি ভিন্ন নাম।দেখিবলৈ সাগৰৰ দৰে বুলিয়েই ইয়াক সাগৰ বুলি কয়। আচলতে ই এখন হ্ৰদ হে।
  • এই সাগৰখনৰ বহুত ডাঙৰ এটা বিশেষত্ব আছে।ইয়াতে মানুহ কেতিয়াও ডুবি নাযায়।সাগৰখনত সাঁতোৰ নজনা মানুহেও অনায়েসে সাঁতুৰিব পাৰে। আপুনি সাগৰখনক এখন বিছনা বুলিও ধৰি ল’ব পাৰে কাৰণ সেই সাগৰৰ পানীত শুই অথবা  উপঙি আপুনি পেপাৰ পঢ়িব পাৰে,লেপটপ অথবা অনায়েসে ম’বাইল ও চলাব পাৰে। এয়া কৰোঁতে আপোনাক ভাসমান চোলা(Live jacket) পৰিধান কৰাৰ প্ৰয়োজন নহ’ব। গছত গৰু উঠাৰ দৰেই বৰ অদ্ভুত যেন লাগিছে নহয় নে বাৰু? কিন্তু ই সম্পূৰ্ণ সঁচা কথা।আজি এই মৃত সাগৰ(Dead sear)ৰ বিষয়ে বহুতো নজনা তথ্য দিয়াৰ কাৰণে যত্ন কৰিম। যেনে
  • এই সাগৰখন কেনেকৈ সৃষ্টি হ’ল–
  • সাগৰখনৰ অৱস্থান–
  • মানুহ কিয় সাগৰখনত ভাহে–
  • ইয়াৰ নাম মৃত সাগৰ (Dead sea)কিয়–
  • এই সাগৰৰ পৰা হোৱা লাভালাভ–
  • ইছলামিক দৃষ্টিত মৃত সাগৰৰ ইতিহাস–
  • এই সাগৰখন কেনেকৈ সৃষ্টি হ’ল– এই সাগৰখন সৃষ্টি হোৱাৰ আঁৰত একাধিক মতবাদ( theory) আছে। কিছুমানৰ তথ্য মতে প্ৰায় ৩৭ লক্ষ বছৰ আগতে(কিছুমানৰ তথ্য অনুসৰি ৪৫০০০ বছৰ আগতে) বৰ্তমানৰ জৰ্ডান নদী ও মৃত সাগৰ (Dead sea) পাৰ্শ্বৱৰ্তী ভূমধ্য সাগৰৰ দ্বাৰা প্লাবিত হৈছিল।সেই সময়ত ভূমধ্য সাগৰৰ পৰা জেজৰিল(Jezreel) উপত্যকাৰ মাজেদি এটি সৰু সংযোগৰ জৰিয়তে মৃত সাগৰ(Dead sea)ত পানী আহিছিল।সেই সময়ত মৃত সাগৰৰ লৱণতা বহুত কম পৰিমাণৰ আছিল। পৰৱৰ্তীকালত প্ৰায় ২০ লক্ষ বছৰ আগতে ভূমধ্য সাগৰ ও মৃত সাগৰ(Dead sea) ৰ মাজভাগত জেজৰিল(Jezreel) উপত্যকাই উচ্চতা লাভ কৰে। অৰ্থাৎ মধ্যৱৰ্তী এলেকা ওখ হৈ পৰে।যাৰ ফলশ্ৰুতিত ভূমধ্য সাগৰৰ পৰা মৃত সাগৰ (Dead sea) ৰ সংযোগ বিচ্ছিন্ন হৈ যায়।তাৰ পিছৰ পৰাই মৃত সাগৰ(Dead sea)ত পানীৰ যোগান কমিব ধৰে। প্ৰধানতঃ জৰ্ডান নদী আৰু আন কেইখনমান সৰু সৰু নদী এই সাগৰত পৰিছে। কিন্তু যি পৰিমানৰ পানী নদীবোৰৰ পৰা সাগৰত আহে তাতকৈ অধিক পানী বাষ্প হৈ আকাশলৈ উৰি যায়।আমি সকলোৱে জানো যে পানী বাষ্পীভূত হ’লেও পানীৰ সৈতে মিহলি হৈ থকা নিমখ নতুবা অন্যান্য খনিজ পদাৰ্থ বাষ্পীভূত নহয়। গতিকে প্ৰতি বছৰত এফালে সাগৰখনৰ পানীৰ পৰিমাণ প্ৰায় ৩০ ছেন্টিমিটাৰকৈ কমি গৈ থাকে আৰু অন্যফালে ৰৈ যোৱা পানীত নিমখৰ পৰিমাণ বাঢ়ি গৈ থাকে। এনেদৰে বাঢ়ি গৈ গৈ পানীত নিমখৰ ৩৪% শতাংশ (কিছু তথ্য অনুসৰি ৩৪.৫% শতাংশ,৩৫% শতাংশ) হয়। অৰ্থাৎ এক কিলোগ্ৰাম পানীৰ মাজত ৩৪০ গ্ৰাম নিমখ ওলায়।এই সাগৰত পানীত মিহলি হৈ থকা নিমখৰ ৫০% শতাংশ মেগনেছিয়াম ক্লৰাইড,৩০% শতাংশ ছডিয়াম ক্লৰাইড,১৪% কেলছিয়াম ক্লৰাইড আৰু ৪% শতাংশ পটেছিয়াম ক্লৰাইড।
  • সাগৰখনৰ অৱস্থান–মৃত সাগৰ(Dead sea) মুছলিম ৰাষ্ট্ৰ জৰ্ডান ও ইহুদি ৰাষ্ট ইজৰাইলৰ মাজত অৱস্থিত।জৰ্ডান ৰাষ্ট্ৰখন মৃত সাগৰ(dead sea)ৰ পূৰ্ব দিশত আৰু ইজৰাইল ৰাষ্ট্ৰখন পশ্চিম দিশত অৱস্থিত । মৃত সাগৰ (Dead sea) হ’ল পৃথিৱীৰ নিম্নতম স্থলভূমি।যি সুমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ১৩০০/১৪০০ ফুট তলত অৱস্থান কৰে।এই সাগৰৰ আয়তন ৪১,৬৫০ বৰ্গ কিলোমিটাৰ। ইয়াৰ চাৰিওফালে মাটি ও একপ্ৰকাৰ পাথৰৰ পাহাৰ আছে।
  • মানুহ কিয় সাগৰখনত ভাহে–মৃত সাগৰ (Dead sea) আচলতে অত্যাধিক লৱনাক্ত এটি হ্ৰদ। পৃথিৱীত এনে বহুত সাগৰ ,হ্ৰদ অথবা পুখুৰী আছে…. য’ত অতিমাত্ৰা নিমখ পোৱা যায়। সাধাৰণতে সাগৰৰ পানীত নিমখৰ পৰিমাণ ৩ ৰ পৰা ৬ শতাংশ লৈকে হৈ থাকে। কিন্তু মৃত সাগৰত তাৰ ব্যতিক্ৰম। ইয়াৰ পানীত থকা নিমখৰ পৰিমাণ ৩৪ ৰ পৰা ৩৫ শতাংশ।যি সাধাৰণ সাগৰত থকা নিমখৰ পৰিমাণতকৈ ৯ ৰ পৰা ১০ গুণ(কিছুমানৰ মতে ৬ ৰ পৰা ৮ গুণ) বেছি।গতিকে পানীৰ ঘনত্ব ইমানেই বেছি যে ইয়াতে মানুহ হাত ভৰি ব্যৱহাৰ নকৰিয়ে ওপঙি ফুৰিব পাৰে। আৰু পানীৰ গভীৰতা যিমানেই বৃদ্ধি পায় ঘনত্বও সিমানেই বাঢ়ি যায়।
  • ইয়াৰ নাম মৃত সাগৰ (Dead sea)কিয়–
    এই সাগৰত অত্যাধিক লৱণতাৰ কাৰণে ইয়াতে কোনোধৰণৰ উদ্ভিদ ও প্ৰাণী জীয়াই থাকিব নোৱাৰে।যাৰ বাবে ইয়াক মৃত সাগৰ (Dead sea) বুলি আখ্যা দিয়া হৈছে।আনকি মানুহো এই সাগৰত সাঁতুৰিব গৈ যদি ভুলবশতঃ পানী গিলি পেলায় তেন্তে লগে লগেই শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটিব পাৰে। কিন্তু কেইবছৰমান আগতে এই সাগৰৰ তলদেশত পৰীক্ষা-নিৰীক্ষা কৰি কিছু ধৰণৰ বেক্টেৰিয়াৰ আভাস পাইছে।
  • এই সাগৰৰ পৰা হোৱা লাভালাভ–
    এই সাগৰৰ পানীত অনেক ধৰণৰ খনিজ পদাৰ্থ আছে যিয়ে বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে। বিশেষকৈ চৰ্মৰোগৰ বাবে এই সাগৰৰ বোকা বৰ বেছি উপকাৰী।এই ঠাইখনৰ জলবায়ুও শ্বাসকষ্টৰ ৰোগীৰ বাবে বৰ উত্তম। সেইকাৰণে ঠাইখন ৰোগ নিৰাময় কেন্দ্ৰ ৰূপে পৰিগণিত হৈছে।ইয়াৰ বিষয়ে পৃথিৱীৰ মানুহবোৰে ক্ৰমান্বয়ে জ্ঞাত হ’ব ধৰিছে।যাৰ বাবেই ইয়াতে দিনক দিনে পৰ্যটকৰ হাৰ বৃদ্ধি হ’ব ধৰিছে।
  • ইছলামিক দৃষ্টিত মৃত সাগৰ(Dead sea)ৰ ইতিহাস–
    ইছলাম ধৰ্মৰ নবী হজৰত লুত (আঃ)ৰ সময়ত সেই ঠাইখনৰ জনসাধাৰণৰ মাজত এটি চৰম নিৰ্লজ্জ ধৰণৰ স্বভাৱে গা কৰি উঠিছিল। বিশেষকৈ তাৰ যুৱকবোৰে সৰ্বদা সমকামিতাত লিপ্ত হৈছিল। ইছলাম ধৰ্ম মতে যাক বহুত ডাঙৰ পাপ বুলি গণ্য কৰা হয়। আচলতে সেয়া বহুত ঘৃণনীয় কামেই হয় যি আজিৰ যুগত পৃথিৱীত বহুত সহজলভ্য হৈ পৰিছে। হজৰত লুত (আঃ) হেজাৰ নিষেধ কৰা আৰু আল্লাহৰ শাস্তিৰ ভয় দেখুওৱা স্বত্বেও সিহঁতৰ মাজত কোনো পৰিৱৰ্তন হোৱা নাছিল।
সিহঁতৰ এটাই কথা আছিল যে সঁচাকৈয়ে আল্লাহে যদি  ওপৰৰ পৰা গজব অথবা শাস্তি দিব বিচাৰে তেন্তে দিয়ক। মুঠতে হজৰত লুত (আঃ)ৰ কথাৰ ওপৰত সিহঁতৰ তিল পৰিমাণো বিশ্বাস হোৱা নাছিল।তাৰ পিছত লুত (আঃ)ৰ ওচৰত আল্লাহে তেওঁৰ দুজন ফিৰিস্তা পঠিয়াই দিলে।ফিৰিস্তা দুজনে সুঠাম যুৱকৰ ৰূপ ধাৰণ কৰি লুত (আঃ)ৰ ঘৰত উপস্থিত হোৱা দেখি সেই এলেকাৰ সমকামী যুৱকবোৰো তেখেতৰ ঘৰত উপস্থিত হ’ল গৈ। সিহঁতৰ লোলুপ দৃষ্টি যুৱকদ্বয়ৰ ওপৰত পৰাত তেখেতে বহুতো কাবৌ কৰিব ধৰিলে।তেখেতে সুঠাম দেহৰ যুৱক দুজনক বাদ দি তেখেতৰ কন্যাক  বিয়া কৰোৱাৰ বাবে অনুৰোধ কৰিলে। কিন্তু অপাৰগ হ’ল।যুৱক দুজনে লুত (আঃ)ক নিজৰ নিজৰ পৰিচয় দি লাহেকৈ ক’লে  তেখেতৰ উম্মাত(followers) সকলক লগত লৈ সেই এলেকা যাতে সোনকালেই পৰিত্যাগ কৰে কাৰণ সেই এলেকাত আল্লাহৰ হুকুমত গজব নাজিল হ’ব। কথামতেই কাম হ’ল।হজৰত লুত (আঃ) তেখেতৰ উম্মাত(followers)সকলক লৈ সেই ঠাইৰ পৰা দূৰলৈ গুচি যোৱাৰ পাছত ফিৰিস্তা দুজনে সেই এলেকাটো ওলোটাই দিলে আৰু তাতেই এখনি হ্ৰদৰ সৃষ্টি হ’ল।আৰু সেয়াই আজিৰ মৃত সাগৰ (Dead Sea)।
(বিঃদ্ৰঃ-এই প্ৰবন্ধটি যুগুত কৰাত গুগ’ল আৰু ইউটিউবৰ সহায় লোৱা হৈছে।)
কাজি শ্বাহাদত ইছলাম