এম ভি গংগা বিলাসৰ ফ্লেগ অফ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পাণ্ডু ঘাটৰ পৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদীক্ৰুজ এম ভি গংগা বিলাসৰ ফ্লেগ অফ কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে। অত্যাধুনিক সুবিধাৰে সজ্জিত এম ভি গংগা বিলাসে ৫১ দিনত বাংলাদেশ অতিক্ৰম কৰি উত্তৰ প্ৰদেশৰ বাৰানসী আৰু উজনি অসমৰ ডিব্ৰুগড়ৰ মাজত ৩২০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব আৰু এই পথছোৱাত পৰ্যটকে ৫০টা প্রধন পর্যটনস্থলী ভ্ৰমণৰ সুবিধা লাভ কৰিব। আনহাতে, প্রধানমন্ত্ৰীয়ে ৬ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নিৰ্মাণ কৰা সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে পাণ্ডুত ২০৮ কোটি টকা ব্যয় সাপেক্ষে জাহাজ মেৰামতি কেন্দ্ৰ আৰু ১৮০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ ২৭ ৰ সৈতে সংযোগ কৰি পাণ্ডুৰ মাল্টি মডেল টার্মিনেল সংযোগী এলিভেটেড পথৰ আধাৰশিলা স্থাপন কৰে। উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ বিকাশ আৰু উন্নয়নৰ ইঞ্জিন হিচাপে পৰিগণিত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা একাধিক পদক্ষেপৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰকৃত সম্ভাৱনাক বিকশাই তোলাৰ দিশত এম ভি গংগা বিলাস মুকলি কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে পৰিবহনৰ যোগেদি উত্তৰ-পূবৰ ৰূপান্তৰৰ প্ৰধানমন্ত্ৰীৰ লক্ষ্যক বাস্তবায়িত কৰাৰ দিশত ইয়ে বহুলাংশে বৰঙণি যোগাব। মুখ্যমন্ত্ৰীয়ে দেশৰ আৰু বাহিৰৰ পৰ্যটকসকলক এম ভিগংগা বিলাসে আগবঢ়োৱা সুবিধা গ্ৰহণ কৰিবলৈও পর্যটকসকলক আহ্বান জনায়। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটনৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েচো নায়ক আৰু গুৱাহাটী লোকসভা সাংসদ কুইন ওজা উপস্থিত থাকে।