আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ বিহুত মহানগৰীৰ ঘৰ এৰি নাযাবলৈ ৰাইজক আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- মাজত মাত্ৰ এটা দিন ৷ তাৰ পিছতে ৰাজ্যবাসীয়ে পালন কৰিব ভোগৰ উৎসৱ ভোগালী ৷ চৌদিশে এতিয়া কেৱল বিহুৰ আনন্দ উল্লাস ৷ মাঘ বিহু বুলি ক’লেই গাৱলীয়া পৰিবেশত জুইৰ উমত পৰিয়ালৰ সৈতে এসাজ খোৱাৰ যি মাদকতা সেয়া হয়তো কোনেও পাহৰিব নোৱাৰে ৷ পিছে এইবাৰ গুৱাহাটী এৰি গাঁৱত বিহু খাব যোৱাসকলৰ বাবে দুঃখবৰ ৷ কাৰণ মহানগৰ আৰক্ষীৰ ফালৰ পৰা তেওঁলোকলৈ জনোৱা হৈছে বিশেষ অনুৰোধ ৷ বৰ্তমানৰ পৰিবেশ পৰিস্থিতিক প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীবাসীক ঘৰ খালী কৰি গাঁৱৰ ঘৰত বিহু খাব যাবলৈ নালাগে বুলি অনুৰোধ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ ৷ ঘৰত ৰখীয়া থৈহে বিহু খাব যাবলৈ আৰক্ষী আয়ুক্ত গৰাকীয়ে কৰিলে অনুৰোধ ৷ কাৰণ বৰ্তমান আৰক্ষীৰ সংখ্যা কম মহানগৰীত তথাপি মহানগৰবাসীক সুৰক্ষা দিবলৈ আমি যিমান পাৰো চেষ্টা কৰিম বুলি মন্তব্য আগবঢ়ায় দিগন্ত বৰাই ৷
