কৃতজ্ঞতাৰ বোল
“বোপা , নামিবৰ সময়ত বেগটো অকণমান ধৰি দিবাচোন ! ষ্টেচনৰ পৰা তুমি , মোক নিবলৈ অহা গাড়ীখনতে যাব পাৰিবা ।” যাতায়তৰ সুবিধাৰ কথাটো গুৰুত্ব নিদিয়াকৈয়ে ঘৰৰ পৰা বহু আঁতৰত জীৱন সংগ্ৰাম কৰি থকা চফল ডেকাজনে বেগটোৰ লগতে সত্তৰ উৰ্দ্ধৰ মানুহজনকো চম্ভালি লৈছিল । কেইমিনিটমানৰ চিনাকিতে ইজনে-সিজনলৈ আগবঢ়োৱা সহায়ৰ হাত কিম্বা সাহসৰ মাতষাৰৰ নেপথ্যত কৃতজ্ঞতাৰ ফুল এপাহ ফুলিছিল নিশ্চয়কৈ । দৈনন্দিন জীৱনত পৰিচিত-অপৰিচিত অনেকজনৰ প্ৰতি আমি কৃতজ্ঞ হও । পিতৃ-মাতৃ , শিক্ষাগুৰু , আত্মীয়-স্বজনকে আদি কৰি ক্ষন্তেকীয়া চিনাকি এজনে কৰা সামান্য উপকাৰলৈকে , আগুৱাই যোৱাৰ বিভিন্ন পথ দেখুৱাই দিয়া অগ্ৰজৰ পৰা ‘মানুহ’ হ’বলৈ শিৰত বুলাই দিয়া নিঃস্বাৰ্থ আশীৰ্বাদৰ হাতকেইখনলৈকে প্ৰত্যেকৰ বাবেই কৃতজ্ঞতাত মূৰ দোঁ খায় আমাৰ । কেতিয়াবা আকৌ এনে এক বিন্দুত ৰৈ যোৱা হয় য’ত মুখেৰে প্ৰকাশ কৰিব নোৱাৰাৰ দুখ এটাই হেঁচি ধৰে । সেয়েহে আগন্তুক নৱবৰ্ষই কৃতজ্ঞতাৰ বোলেৰে ৰঙীন হোৱাৰ সুযোগ কঢ়িয়াই আনক । কৃতজ্ঞতা প্ৰকাশৰ সৌহাৰ্দ্যপূৰ্ণ ধৰণে নৱপ্ৰজন্মক আকৰ্ষিত কৰক । আশাবাদী , সৃষ্টিশীল , সক্ৰিয় , কৰ্তব্যপৰায়ণ আদি গুণেৰে সমৃদ্ধিশালী হ’বলৈ , শাৰীৰিক আৰু মানসিকভাৱে ভালে থাকি আনকো ভালে ৰাখিবলৈ পণ লোৱাসকলে বোধকৰোঁ কৃতজ্ঞতা প্ৰকাশত কৃপণালি নকৰে কাহানিও । আজিৰ এই ব্যস্ততাৰে ভৰা যান্ত্ৰিক পৃথিৱীত আপোনাৰ , মোৰ বাবে ভৱা ; আপোনাৰ , মোৰ বাবে প্ৰেৰণাৰ হাতখন অনায়াসে আগবঢ়াই দিয়া সেই এমুঠিমান মানুহৰ প্ৰতি অকৃতজ্ঞ হ’লে জানো জীৱনৰ সাৰ্থকতা থাকিব ? আহকচোন , কৃতজ্ঞতা জ্ঞাপনৰ মহৎ সভ্যতা অনুশীলনেৰে আমিও সুখ চপাও ; হাঁহি বিলাও ।
হিমাশ্ৰী বৰা
ৱিমেনজ কলেজ , তিনিচুকীয়া।