৯ দিনত ৩ কোটি ৬০লাখ টকাৰ কিতাপ বিক্ৰী অসম গ্ৰন্থমেলা, গুৱাহাটীত উৎফুল্লিত প্ৰকাশন গোষ্ঠী
ৰঙিলী বাৰ্ত্তাসেৱা- নৱম দিনটোত লেখক-পাঠকৰ সৰস আড্ডা, শিক্ষাৰ্থী-পুথিপ্ৰেমীৰ উছাহ ভৰা উপস্থিতিয়ে আনন্দমুখৰ কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ বিশেষকৈ “আবেলিৰ হেঙুলীয়া আভা” শীৰ্ষক এক মনোগ্ৰাহী অনুষ্ঠানে সৌষ্ঠৱ বৃদ্ধি কৰে গ্ৰন্থমেলাৰ ৷ বিশিষ্ট সাহিত্যিক-সমালোচক বিমল কুমাৰ হাজৰিকাই সঞ্চালনা কৰা এই অনুষ্ঠানত উদ্বোধকৰূপে অংশগ্ৰহণ কৰে বৰ্ষীয়ান সাংবাদিক-লেখক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত বক্তাৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাংবদিক-নিবন্ধকাৰ হাইদৰ হুছেইন, বিশিষ্ট লেখক ঈৰছাদ আলী, বিশিষ্ট গ্ৰন্থকাৰ কনক শৰ্মা , জ্যেষ্ঠ লেখক অসমী গগৈ, অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সাহিত্য-সম্পাদক শশীপ্ৰভা দাস, বিশিষ্ট লেখক অজয় দত্ত , পদ্ম পাটৰ , ৰেণু দত্ত বৰফুকন, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাকে ধৰি একুৰি গন্যমান্য ব্যক্তিয়ে ৷ তেওঁলোকে লেখক-সাহিত্যিক-সাংবাদিক হিচাপে বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ বিষয়ে সাৰগৰ্ভ বক্তব্যৰে শ্ৰোতা-দৰ্শকক মোহাচ্ছন্ন কৰে ৷ কেবাগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে গান-কবিতা পৰিৱেশন কৰাৰ উপৰি যৌৱন কালৰ ৰঙীন দিন সোঁৱৰণ কৰি “আবেলিৰ হেঙুলীয়া আভা” অনুষ্ঠান হৃদস্পৰ্শী কৰি তোলে ৷ইপিনে গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত ৭গৰাকী বিশিষ্ট গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা তথা প্ৰকাশন ব্যৱস্থাৰে জৰিত ২গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধিতসকল হৈছে ক্ৰমে নবীন বৰুৱা (পূৰ্বাঞ্চল প্ৰকাশ), নীহাৰেন্দ্ৰ চৌধুৰী( গ্ৰন্থপীঠ) , শ্ৰীপদ চৌধুৰী (বাণী প্ৰকাশ), ৰাজেন্দ্ৰ মোহন শৰ্মা (চন্দ্ৰ প্ৰকাশ ),জীৱন কৃষ্ণ মিশ্ৰ (নতুন গ্ৰন্থপীঠ,বৰপেটা),হাজী নৌচাদ আলী (আলম বুক ষ্টল,কলগাছিয়া),মনোৰঞ্জন কলিতা( কলিতা বুক ষ্টল,পাণবজাৰ),সুজিত মজুমদাৰ (ওৱেষ্টাৰ্ণ বুক ডিপোৰ কৰ্মচাৰী) আৰু লক্ষীদেৱ শৰ্মা (কিৰণ প্ৰকাশনৰ কৰ্মচাৰী)৷ কলগাছিয়াৰ হাজী নৌচাদ আলীৰ হৈ বৰপেটা জিলা পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰতিনিধিয়ে সম্বৰ্ধনা গ্ৰহণ কৰে ৷এই অনুষ্ঠানৰ আঁত ধৰে প্ৰবোধ দাসে ৷ উল্লেখ্য যে আজিও কিতাপ বিক্ৰীৰ হাৰে উৎফুল্লিত কৰিছে প্ৰকাশন গোষ্ঠীসমূহক৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ৩ কোটি ৬০লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে ৷সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷