বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা গুৰুতৰভাৱে অসুস্থ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা গুৰুতৰভাৱে অসুস্থ। তিনি দিন পূৰ্বে শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। গুৱাহাটীৰ দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ থকা শিল্পী শৰ্মাৰ শৰীৰৰ বহুকেইটা অংগত বিসংগতি ধৰা পৰা বুলি জানিব পৰা গৈছে। বাঁহীবাদকগৰাকীৰ বৃক্ক আৰু হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত হোৱাৰ লগতে যকৃতৰ অসুস্থতাক ভুগিছে। হাস্পতালৰ গেষ্ট্ৰোলজী বিশেষজ্ঞ ডাঃ ভৱদেৱ গোস্বামী আৰু ডাঃ চন্দন মোদকে শিল্পীগৰাকীৰ চিকিৎসাৰ দিশত যাৱতীয় সেৱা আগবঢ়াই আছে। ব্যয়বহুল চিকিৎসাৰ প্ৰয়োজন হোৱাত শিল্পীগৰাকীৰ অনুৰাগীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা কিছু আৰ্থিক সকাহ পোৱাৰ আশা কৰিছে।