জনতা ভৱনত ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-১’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- ব্যস্ততাৰ মাজতো প্ৰতিটো দিনৰ কাম-কাজেই ডায়েৰীত লিপিবদ্ধ কৰিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত দৈনন্দিন কাম-কাজৰ বিৱৰণী লিপিবদ্ধ হৈ থকা তেওঁৰ দিনলিপিসমূহে আজি গ্ৰন্থৰূপ পায়৷ জনতা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ডায়েৰী-১ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে উচ্ছতম ন্যায়ালয়ৰপ্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈয়ে৷ অনুষ্ঠানত প্ৰাক্তন মুখ্য ন্যায়াধীশজনে কয় যে জীৱনৰ প্ৰথমছোৱাত ওকালতি কৰা ড॰ শৰ্মা এজন সুদক্ষ অধিবক্তা আছিল৷ তেওঁ ওকালতি কৰি থকা হ’লে আজি ওকালতিৰ ক্ষেত্ৰখনত সফল ব্যক্তি হিচাপে পৰিচিত হ’লহেঁতেন৷ দেশৰ আইন ব্যৱস্থাৰ নেতৃত্ব ল’ব পাৰিলেহেঁতেন৷ কিন্তু আমাৰে দুৰ্ভাগ্য তেওঁ ওকালতি এৰি ৰাজনীতিৰ পথাৰত ভৰি দিলে৷
