জনসংযোগ বিষয়া চিৰঞ্জীৱ দত্তৰ বিয়োগত শোকসভা
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- তথ্য আৰু জনসংযোগ বিষয়া চিৰঞ্জীৱ দত্তৰ আজি ৰাতিপুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। বিষয়াগৰাকীৰ বিয়োগত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সভাকক্ষত আজি এখন শোকসভা অনুষ্ঠিত হয়। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ মুখ্য তথ্য বিষয়া প্রমোদ কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিষয়াগৰাকীৰ বিভিন্ন দিশ আলোকপাত কৰি ভালেকেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে বক্তব্য প্ৰদান কৰে। বিষয়াগৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ অর্থে একমিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই এক শোকপ্রস্তাৱ লোৱা হয়। সভাত সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে চিৰঞ্জীৱ দত্ত এগৰাকী আগশাৰীৰ জনপ্ৰিয় কার্টুনিষ্ট হিচাপে পৰিচিত। বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ দত্তৰ কাৰ্টুন প্রকাশ পাইছিল। চিৰঞ্জীৱ দত্তই মৃত্যুৰ আগমূহুৰ্তলৈকে তামুলপুৰ মহকুমাৰ জনসংযোগ বিষয়া হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পৰিবাৰ, পুত্ৰ সমন্বিতে এটা বৃহৎ পৰিয়াল আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।