দৰঙৰ সানোৱাত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত কৰ্মশালা সম্পন্ন

দৰঙৰ সানোৱাত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত কৰ্মশালা সম্পন্ন

ফখৰুদ্দিন আহমেদ, ছিপাঝাৰ, দৰং, ৰঙিলী বাৰ্ত্তাসেৱা- কটন মুছলিম হোষ্টেল প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যত ইং ২৬ নভেম্বৰ , শনিবাৰে দিনৰ ১০-০০ বজাৰ পৰা ” শিক্ষা অৰ্জনৰ জৰিয়তে নিজৰ ভবিষ্যত গঢ়াৰ” বিষয়ত এখনি কৰ্মশালা অনুষ্ঠিত হয়। মঙ্গলদৈ মহাবিদ্যালয়ৰ অবসৰী উপাধ্যাক্ষ ডঃ জামালুদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত উক্ত কৰ্মশালাখনিত আঁত ধৰে বিদ্যালয়খনিৰ শিক্ষক ফখৰুদ্দিন আহমেদে। কৰ্মশালা খনিত কলা , বিজ্ঞান , বানিজ্য , চিকিৎসা আৰু অভিযান্ত্ৰিক ইত্যাদি বিষয়ৰ উপৰিও অসামৰিক সেৱাৰ বিষয়ে কি দৰে প্ৰস্তুতি চলোৱাৰ সম্পৰ্কত কটন মুছলিম হোষ্টেল প্ৰাক্তন ছাত্ৰ সন্মিলনৰ হৈ সন্মিলনৰ সভাপতি আৰু অইল ইণ্ডিয়া দুলিয়াজানৰ অবসৰী মুখ্য অভিযন্তা ইছফাকুৰ ৰহমান বৰবৰা , অসম চৰকাৰৰ অবসৰী সচিব লটিফুৰ ৰহমান , গড়কাপ্তানী বিভাগৰ অবসৰী মুখ্য অভিযন্তা আল্টাফুদ্দিন আহমেদ, অসমৰ কাৰিকৰী শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক ডঃ নজৰুল হক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অবসৰী অধ্যাপক আব্দুল মান্নান, কৰ বিভাগৰ অবসৰী যুটীয়া আয়ুক্ত আব্দুল ৱাহাব , ইউকো বেংকৰ অবসৰী জিলা লিড মেনেজাৰ তৌহিদুৰ ৰহমান , অবসৰী খণ্ড সম্প্ৰসাৰন বিষয়া বকদুল আলি , ছিপাঝাৰ জনতা মহাবিদ্যালয়ৰ প্ৰবক্তা চফিকুল হক আৰু ছিপাঝাৰস্থিত স্বেচ্ছাসেৱী সংগঠন হিউমেন ৱেলফেয়াৰৰ সভাপতি মিছবাহুল হুদাই সৰস বক্তব্য প্ৰদান কৰে। সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নুৰুল হকে উদ্বোধন কৰা কৰ্মশালাখনিত শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ অবসৰী শিক্ষক , বিশিষ্ট সাহিত্যিক খাইৰুল হুছেইনে।
কটন মুছলিম হোষ্টেল প্ৰাক্তন ছাত্ৰ সন্মিলনে প্ৰতি বছৰে অসমৰ বিভিন্ন জিলাত এনে ধৰণৰ কৰ্মশালাৰ কাৰ্যসূচী হাতত লৈ উঠি অহা প্ৰজন্মক আনুষ্ঠানিক শিক্ষা অৰ্জনৰ জৰিয়তে জীৱনত জীৱিকাৰ পথৰ দিক্ দৰ্শন দিয়া এনে কাৰ্যসূচীক লৈ কৰ্মাশালাত উপস্থিত সমবেত ৰাইজে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে।