চীনত পুনৰ ক’ভিডৰ ভয়াবহতা

Pc Mint

চীনত পুনৰ ক’ভিডৰ ভয়াবহতা

ৰঙিলী বাৰ্ত্তাসেৱা- চীনৰ চৰকাৰে কঠোৰ ক’ভিড নীতি বলৱৎ কৰা সত্ত্বেও দেশখনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে।দেশখনত নতুনকৈ ৩১,৪৪৪জন লোকৰ ক’ভিডৰ সংক্ৰমণ হয়।ৰাজধানী বেইজিঙকে ধৰি বহু মহানগৰত লকডাউন ঘোষণা কৰা হৈছে।কেইবামাহৰ পাছত ক’ভিডত বেইজিঙত প্রথমজন লোকৰ মৃত্যু হয়।ভালেমান জিলাত ইতিমধ্যে দোকান-বজাৰ, বিদ্যালয় আৰু ৰেস্তোৰাঁবোৰ বন্ধ কৰা হৈছে।ইয়াৰ আগতে ছাংহাইত ১৩ এপ্ৰিলত আটাইতকৈ বেছি ২৯,৩১৭ জন লোকৰ কভিডৰ সংক্ৰমণ হৈছিল।নতুন সংক্রমণে সেই অভিলেখ ভংগ কৰিলে।