জম্মু-কাশ্মীৰত এল ই টিৰ ৪জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষীয়ে জনোৱা মতে জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাত লস্কৰ-ই-তৈবা (এল ই টি)ৰ এটা সন্ত্ৰাসবাদী মডিউল আটক কৰা হয়। অভিযানৰ পিছত নিৰাপত্তাৰক্ষীয়ে দুজন সক্ৰিয় সন্ত্ৰাসবাদী আৰু এগৰাকী মহিলাসহ তেওঁলোকৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰে। অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভঁৰাল আৰু ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) নিৰ্মাণৰ সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।