মেঘালয়ত আৱদ্ধ অসমকে ধৰি বহিঃৰাজ্যৰ ৩২ খন বাহন

মেঘালয়ত আৱদ্ধ অসমকে ধৰি বহিঃৰাজ্যৰ ৩২ খন বাহন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম–মেঘালয়ৰ মাজত সংঘটিত হোৱা গুলীচালনাৰ ফলত বৰ্তমান দুয়োজন ৰাজ্যতেই এক চেপা উত্তেজনাৰ পৰিৱেশ বিৰাজমান। অসমৰ পঞ্জীয়নকৃত বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। লগতে অসম আৰক্ষীয়ে অসমৰ ৰাইজক মেঘালয়লৈ নাযাবলৈ আহ্বান জনাইছে। মঙলবাৰে শ্বিলঙত অসমৰ পৰা যোৱা বাহন জ্বলোৱা হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমান বহু পৰ্যটকৰ লগতে বাহন মেঘালয়ত আৱদ্ধ হৈ আছে। উল্লেখ্য যে, মেঘালয়ত অসমৰ এটা শিল্পী দল আৱদ্ধ হোৱাৰ লগতে চেৰাপুঞ্জীত অসমৰ ৭খন বাহন আৱদ্ধ হৈ আছে। মেঘালয়ত এই পৰ্যন্ত অসমকে ধৰি মুঠ ৩২খন বাহন আৱদ্ধ হৈ আছে। জানিব পৰা মতে, ৩ জন বিদেশী পৰ্যটকো ৰাজ্যখনৰ বিশ্ববিদ্যালয় নেহু (NEHU)ত আৱদ্ধ হৈ আছে।