অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি

pc - Zee News

অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলবাৰে পুৱতি নিশা অসম-মেঘালয় সীমান্তত কাঠ কঢ়িওৱা এখন ট্ৰাক আৰক্ষীয়ে ৰখাক লৈ সংঘটিত হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে । ঘটনাস্থলীত মৃত্যু হৈছিল চাৰি জনৰ। চিকিৎসালয়লৈ যোৱাৰ পথত আৰু দুজনৰ মৃত্যু হয় বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। এই ঘটনাত এতিয়ালৈকে ৫ খাচী দুৰ্বৃত্ত আৰু অসমৰ এগৰাকী ফৰেষ্ট গাৰ্ডৰ মৃত্যু হৈছে।মকৈলুম আৰক্ষীয়ে আটক কৰা তিনি দুৰ্বৃত্তক আলোচনাৰ অন্তত গতাই দিয়া হৈছে মেঘালয় প্ৰশাসনক। খেৰণি বন বিভাগৰ নিহত ফৰেষ্ট গাৰ্ড বিদ্যাছিং লেকথেৰ মৃতদেহ এতিয়াও চমজাই দিয়া নাই মেঘালয় প্ৰশাসনে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ গতাই দিয়াৰ আছে সম্ভাৱনা আছে। আনহাতে, মৃত ফৰেষ্ট গাৰ্ডজনৰ থ্ৰী নট থ্ৰী বন্দুক আৰু দহ জাঁই সক্ৰিয় গুলীৰ সম্ভেদ এতিয়াও পোৱা নাই আৰক্ষীয়ে।