বীৰ লাচিত বৰফুকন – ময়ূৰাক্ষী গগৈ

বীৰ লাচিত বৰফুকন

তোমাৰ হেনো নাম লা-চিত ,
আমি কওঁ লাচিত।
তোমাৰ বীৰত্বই সোঁৱৰাই
অসমীয়াৰ প্ৰৱল পৰাক্ৰমৰ কথা।
যুগে যুগে জিলিকি ৰ’ব
তোমাৰ নাম বীৰ যোদ্ধা ৰূপে।
নিজ কষ্ট আৰু অধ্যৱসায়ে
তোমাক অধিষ্ঠিত কৰালে,
আহোম ৰাজ্যৰ বৰফুকনৰ পদত।
প্ৰধান সেনাপতি হৈ পৰিচয় দিলা,
প্ৰতিভা আৰু সাহসিকতাৰ।
শৰাইঘাটৰ বীৰ তুমি।
নিজ মোমাইক শিৰচ্ছেদ কৰি,
একে ৰাতিয়েই বান্ধিলা গড়।
মহা পৰাক্ৰমী মোগলক ভেটা দি,
ৰাখিলা দেশৰ নাম।
হে বীৰ তুমি অপৰাজেয়।
তুমি সাহস আৰু সংগ্ৰামৰ প্ৰতীক।
চাৰিশ বছৰীয়া জন্মজয়ন্তীত
তোমাক আজি শ্ৰদ্ধাৰে সোঁৱৰিছো,

-ময়ূৰাক্ষী গগৈ