ভাৰতত ৪৯২ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৪৯২ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪জন লোকৰ মৃত্যু হৈছে ।কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,৩০,৫৭৪ জনলৈ বৃদ্ধি হৈছে।ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৬,৪৮৯ জনলৈ হ্ৰাস পাইছে।