মানৱ যাদৱ পায়েঙলৈ নতুন সংবাদ গোষ্ঠীৰ ‘অৰণ্যৰত্ন বঁটা’
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগীৰোডতো সাপ্তাহিক কাকত অসমীয়া নতুন সংবাদ গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। কাকতখনৰ বৰ্ষপূর্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং। অনুষ্ঠানটিত পদ্মশ্রী যাদৱ পায়েঙক সংবাদ গোষ্ঠীটোৱে ‘অৰণ্যৰত্ন বঁটা ২০২২’ প্রদান কৰে। লগতে জাগীৰোড অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, সাহিত্যিক আৰু সাংবাদিকৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী যুৱ সাংবাদিকক কাকত গোষ্ঠীটোৱে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েং উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য ৰাখে। সংবাদ মাধ্যম নহ’লে দেশ তথা জাতিৰ উন্নতি কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰি পৃথিৱীখন সেউজীয়া কৰি জন্মদিনত এজোপা গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।