প্ৰাকৃতিক চিকিৎসা দিৱস

প্ৰাকৃতিক চিকিৎসা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম বিকল্প চিকিৎসক সন্থাই  ডাউন টাউনৰ পূৰ্ব্বাঞ্চল পথত অৱস্থিত জ্ঞানসৰোবৰ আৰোগ্য বিকল্প চিকিৎসা কেন্দ্ৰত ৫ ম ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা দিৱস পালন কৰা হয়। উক্ত কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা সঞ্চালক ড° হৰেন্দ্ৰ চন্দ্ৰ দাস, গুৱাহাটী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডা° গণেশ চন্দ্ৰ দেৱ শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ ও প্ৰাকৃতিক চিকিৎসা বিভাগৰ মূৰব্বী চিকিৎসক যোগবিদ অনিল কুমাৰ শৰ্মা আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড° মূণীন্দ্ৰ ৰয় উপস্থিত থাকি ৰসাল বক্তৃতা আগৱঢ়ায়। আৰু প্ৰাকৃতিক চিকিৎসক ডা: ডি কে শিং প্ৰাকৃতিক চিকিৎসাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য দাঙি ধৰে আৰু প্ৰায় ১০০ জন ব্যক্তি উপস্থিত থকা কাৰ্যসূচীৰ সন্থাৰ তৰফৰ পৰা বিনামূলীয়াভাৱে আমলখী, শিলিখা, ভোমোৰা আৰু অমৰলতা বণৌষধী বিতৰণ কৰা হয় আৰু সফলতাৰে সম্পন্ন হয়।