লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৮ দিনীয়া কাৰ্যসূচীৰে বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী ৰাজ্যজুৰি উদ্‌যাপন আৰম্ভ হৈছে৷ আজি প্ৰতিখন জিলা সদৰত অসম আৰক্ষীৰ উদ্যোগত সেনা বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ সহযোগত মাৰ্চপাষ্ট উলিওৱা হয়৷ কাইলৈ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অহা ২৩ নৱেম্বৰৰ পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়াকৈ  ৰাষ্ট্ৰীয় পৰ্যায়ত জন্ম জয়ন্তী উদ্‌যাপন কৰিব ৰাজ্য চৰকাৰে৷ ২৪ নৱেম্বৰত অসমৰ প্ৰতিখন  জিলাত কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ সৰ্বভাৰতীয় পৰ্যায়ত বীৰ সেনানায়ক লাচিত বৰফুকনৰ দেশপ্ৰেমবোধ তথা বীৰত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ  বাবে ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা চলাইছে তাৰ লগত সংগতি ৰাখি আজি আন আন জিলাৰ লগতে  কামৰূপ মহানগৰ জিলাতো মহাবীৰগৰাকীৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদ্‌যাপনৰ শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে খানাপাৰাৰ পৰা জনতা ভৱনলৈ আৰক্ষী, সেনা বাহিনী, এন চি চি আদিৰ সহযোগত এক বৃহৎ মাৰ্চপাষ্ট উলিওৱাৰ লগতে এখন বাটৰ নাট পৰিৱেশন কৰা হয়৷ আৰক্ষীৰ আয়ুক্ত হৰমিট সিঙৰ নেতৃত্বত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই পতাকা জোকাৰি এই মাৰ্চপাষ্ট মুকলি কৰে৷ মাৰ্চপাষ্টৰ পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলা পৰিবহণ বিভাগৰ সহযোগত বীৰজনাৰ দেশপ্ৰেমৰ চানেকিৰ প্ৰতি সন্মান জনাই বাটৰ নাট ‘মহানায়ক লাচিত’ পৰিৱেশন কৰে৷ ইয়াৰ পূৰ্বে অসমৰ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মহানায়ক লাচিতৰ দেশপ্ৰেম আৰু বিৰল আদৰ্শৰ দৃষ্টান্ত ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহযোগিতা আগবঢ়াই আজি জন্ম জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰি উপস্থিত সকলোকে আদৰণি জনায় সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে৷