হায়দৰাবাদৰ ষ্টাৰ্টআপে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট সফলতাৰে উৎক্ষেপণ

Pc NDTV.com

হায়দৰাবাদৰ ষ্টাৰ্টআপে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট সফলতাৰে উৎক্ষেপণ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ মহাকাশ অভিযানে শুকুৰবাৰে এক নতুন অধ্যায়ৰ সূচনা কৰিলে৷ দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ‘বিক্ৰম-এছ’ আজি শ্ৰীহৰিকোটাৰ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ইয়াৰ দ্বাৰা দশক দশক ধৰি চৰকাৰী মালিকানাধীন ইছৰ’ৰ আধিপত্য থকা দেশৰ মহাকাশ উদ্যোগত ব্যক্তিগত খণ্ডৰ প্ৰৱেশৰ সূত্ৰপাত হ’ব । ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ বাবে মহাকাশ উদ্যোগ মুকলি কৰাৰ পিছত ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ কোম্পানী হিচাপে পৰিগণিত হৈছে স্কাইৰুট এৰ’স্পেচ । আজি পুৱা ১১:৩০ বজাত প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-এছ উৎক্ষেপণ কৰিলে । ইয়াৰ পূৰ্বে ১৫ নৱেম্বৰত ‘বিক্ৰম-এছ’ উৎক্ষেপণৰ পৰিকল্পনা আছিল ৷ কিন্তু বেয়া বতৰৰ বাবে সেইদিনা ‘বিক্ৰম-এছ’ উৎক্ষেপণ কৰিব পৰা নগ’ল আৰু ১৮ নৱেম্বৰত ৰকেটটো উৎক্ষেপণৰ ঘোষণা কৰে ষ্টাৰ্ট আপ স্কাইৰুট এৰোস্পেছে ।সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰাৰ পিছত বিক্ৰম-এছ ৮১ কিলোমিটাৰ উচ্চতাত উপনীত হ’ব । ভাৰতীয় মহাকাশ অভিযানৰ পিতৃ তথা প্ৰয়াত বিজ্ঞানী বিক্ৰম চাৰাভাইৰ নামেৰে এই ৰকেটৰ নামাকৰণ কৰা হৈছে । ‘প্ৰাৰম্ভ’ নামৰ এই অভিযানত দুজন দেশীয় আৰু এজন বিদেশী গ্ৰাহকৰ তিনিটা পেলোড কঢ়িয়াই নিব । বিক্ৰম-এছ চাব-অৰ্বিটেল উৰণখনে চেন্নাইৰ ষ্টাৰ্টআপ স্পেচ কিড্জ, অন্ধ্ৰপ্ৰদেশৰ ষ্টাৰ্টআপ এন-স্পেচ টেক আৰু আৰ্মেনিয়াৰ ষ্টাৰ্টআপ বাজুমকিউ স্পেচ ৰিচাৰ্চ লেবৰ তিনিটা পেলোড কঢ়িয়াই নিব ।