১৮ নৱেম্বৰত ৫০টি সোণালী বসন্ত অতিক্ৰম কৰিব যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰব জুবিন গাৰ্গে
ৰঙিলী বাৰ্ত্তাসেৱা- ৫০টি সোণালী বসন্ত অতিক্ৰম কৰিব যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰব জুবিন গাৰ্গে।১৮ নৱেম্বৰত অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীগৰাকীৰ ৫০ সংখ্যক জন্মদিন।জুবিন ফেন ক্লাৱে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনটো উলহ-মালহেৰে উদযাপন কৰাৰ আয়োজন কৰিছে।জন্মজিলা যোৰহাটত ৫০ সংখ্যক জন্মদিন উদযাপন কৰিব জুবিনে।সেয়েহে মঙলবাৰে নিশাই যোৰহাটত উপস্থিত হয় জুবিন গাৰ্গ।যোৰহাট কৰ্ট ফিল্ডত বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন ফেন ক্লাৱে আয়োজন কৰিছে পঞ্চাশ বছৰীয়া জন্মদিনৰ।১৮ নৱেম্বৰত গীতে-মাতে আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে নিজ জন্মজিলাত উদযাপন কৰিব জুবিন গাৰ্গে নিজৰ জন্মদিন। দিনে-নিশাই প্ৰস্তুতি আৰম্ভ কৰিছে জুৱিন ফেন ক্লাৱে।মঙলবাৰে নিশা শিল্পীগৰাকী যোৰহাটত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীৰ মাজত ব্য়াপক উচাহ দেখিবলৈ পোৱা যায়।কাষতে মৰমৰ শিল্পী গৰাকীক পোৱাৰ হেপাঁহৰ বাবেই এতিয়া যোৰহাটবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।৫০ বছৰীয়া জন্মদিন উদযাপন বাবে যোৰহাটত জুবিন গাৰ্গইফালে ১৮ নৱেম্বৰৰ দিনা বিভিন্ন কাৰ্যসূচীৰে বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তোলাৰ প্ৰয়াস কৰিছে জুবিন ফেন ক্লাৱৰ কৰ্মকৰ্তাসকলে।১৮ নৱেম্বৰত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হ’ব কাৰ্যসূচীৰ।তাৰপাছতে ৫০ বছৰীয়া জন্মদিন উপলক্ষে ৫০ টি গছপুলি ৰোপন কৰিব জুবিন ফেন ক্লাৱে।লগতে প্ৰদৰ্শন কৰা হ’ব জুবিন গাৰ্গৰ ১০০ খন ছবি। লগতে থাকিব অসমৰ বিভিন্ন কলা-কুশলীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।নিশাৰ ভাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যানুষ্ঠানৰ লগতে জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটীৰ এগৰাকী শিল্পীয়ে প্ৰস্তুত কৰা এটি গীত মুকলি কৰি কেক কাটিব জুবিন গাৰ্গে।সমূহ অসমবাসীৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজকসকলে।