লাভলীনাৰ সোণৰ পদক জয়

ৰঙিলী বাৰ্ত্তাসেৱা-   টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা বৰগোহাঁয়ে জৰ্ডানৰ আমানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছে৷।উল্লেখযোগ্য যে, মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনা বৰগোঁহাইয়ে স্বৰ্ণ পদক লাভ কৰে। ফাইনেলত উজবেকিস্তানৰ ৰুজমেট’ভা শ্বুখিবাৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয়ী হয় লাভলিনা বৰগোঁহাই।জৰ্ডানৰ আমানত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। লাভলীনাৰ এই সফলতাত ৰাজ্যবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী। উল্লেখযোগ্য যে, ভাৰতীয় মহিলা বক্সাৰ ছুইটী আৰু পাৰবিনেও আন আন শাখাত সোণৰ পদক লাভ কৰে।