বিমুদ্ৰাকৰণৰ বৰ্ষপূৰ্তিৰ দিনটোক কলা দিৱস আখ্যা অসম তৃণমূল কংগ্ৰেছৰ

বিমুদ্ৰাকৰণৰ বৰ্ষপূৰ্তিৰ দিনটোক কলা দিৱস আখ্যা অসম তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৬ চনৰ ৮ নৱেম্বৰত বিজেপি চৰকাৰে কৰা বিমুদ্ৰাকৰণে ঘোষিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি ইয়াৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ দিনটোক কলা দিন হিচাপে অভিহিত কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত এক বিবৃতিত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়: ‘২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অবিবেচক আৰু একনায়কত্ববাদী মনোভাৱেৰে কেৱল চমক সৃষ্টিৰ বাবে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল। সেই দিন ধৰি প্ৰতিবছৰে এই দিনটো কলা দিন হিচাপে অভিহিত কৰা হৈ আহিছে। সেই সময়ত মোডী ডাঙৰীয়াই বিমুদ্ৰাকৰণৰ জৰিয়তে কলা ধন ঘূৰি অহা, নকল নোটৰ প্ৰচলন বন্ধ হোৱাৰ লগতে সন্ত্ৰাসবাদী সমস্যা নিৰ্মূল হ’ব বুলি কৈছিল। কিন্তু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত বিমুদ্ৰাকৰণৰ পাছতো বজাৰত প্ৰচলন হৈ থকা ৯৯.৯৯ শতাংশ ধন উভতি অহা বুলি প্ৰকাশ পাইছে। অৰ্থাৎ কোনো কলা ধন উভতি নাহিল। সকলোখিনি অছিল বগা ধন। গতিকে বিমুদ্ৰাকৰণ সম্পূৰ্ণ ব্যৰ্থ হৈছে। সেই দিনৰ পৰা ভাৰতৰ অৰ্থনীতি যিধৰণে বিধ্বস্ত হৈ গ’ল তাৰ পৰা আজিও মূৰ দাঙি উঠিব পৰা নাই । হাজাৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গ’।। ব্যক্তিগত প্ৰতিষ্ঠসনসমূহে লাখ লাখ কৰ্মচাৰী চাটাই কৰিলে। ফলত দেশৰ জিডিপি হ্ৰাস হ’ল, জনমূৰি আয় শোচনীয় হৈ পৰিল। মানুহৰ ক্ৰয় ক্ষমতা যথেষ্ট হ্ৰাস পাইছে। অৰ্থনীতিৰ বাবে এয়া শুভলক্ষণ নহয়। আনহাতে এতিয়াও বিভিন্ন সময়ত নকল নোট উদ্ধাৰ হৈ থকা আমি দেখি আছো।আনহাতে সন্ত্ৰাসবাদী সমস্যা যে বন্ধ হোৱা নাই, সেয়া আজি ওলাই পৰিছে। সেয়ে বিজেপি চৰকাৰৰ এই জনবিৰোধী নীতিৰ সন্দৰ্ভত ৰাইজক কথাবোৰ বিবেচনা কৰিবলৈ অনুৰোধ জনালো।’আনহাতে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিমুদ্ৰাকৰণ চূড়ান্ত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কলা ধন উভতি অহা, নকল নোট প্ৰচলন বন্ধ কৰাৰ উদ্দেশ্যে কৰা বিমুদ্ৰাকৰণৰ বৰ্ষপূৰ্তিৰ দিনটোক কলা দিৱস হিচাপে অভিহিত কৰে অসম তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে।তেওঁ লগতে কয়:’বিমুদ্ৰাকৰণে সাধাৰণ জনতাৰহে কঁকাল ভাঙিছে, একাংশ কলা বেপাৰীকহে ধনী কৰিছে। জালনোট বন্ধ হোৱাৰ বিপৰীতে শেহতীয়া দিনবোৰত প্ৰায় ২০০ কোটি টকাৰ জালনোট উদ্ধাৰ হৈছে।’আনহাতে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তইও বিমুদ্ৰাকৰণৰ জৰিয়তে দেশৰ অৰ্থনীতিত মাধমাৰ শোধোৱা বুলি মন্তব্য কৰি বিজেপি চৰকাৰক স্বৈৰাচাৰী আৰু জনবিৰোধী বুলি মন্তব্য কৰে।