দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

Pc The Janambhumi

দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাঁফিলতিৰ অভিযোগত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে। দীৰ্ঘসময় জেৰাৰ অন্তত চিআইডিয়ে ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰে।আৰতী তুৰি হত্যাকাণ্ডৰ ঘটনা গাপ দিব বিচাৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনে৷কিছুদিন পূৰ্বে একেই গোচৰতে গ্ৰেপ্তাৰ হৈছিল ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা৷উৎপল বৰা ৫ লাখৰ বিনিময়ত মেনেজ হৈছিল৷উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিতে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক জেৰা কৰা হৈছিল৷