দিল্লী সুৰা নীতিৰ গোচৰত চৰকাৰৰ সাক্ষী হ’ব মনীষ চিছোদিয়াৰ সহায়ক দীনেশ অৰোৰা

Pc India Today

দিল্লী সুৰা নীতিৰ গোচৰত চৰকাৰৰ সাক্ষী হ’ব মনীষ চিছোদিয়াৰ সহায়ক দীনেশ অৰোৰা

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ সুৰা নীতিৰ গোচৰত চৰকাৰৰ সাক্ষী হ’ব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ সহায়ক দীনেশ অৰোৰা। সোমবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিল্লী আদালতত অৰোৰাক এই গোচৰৰ সাক্ষী হিচাপে এক আবেদন দাখিল কৰে। গোচৰটোত চিবিআইয়ে জামিন আবেদনৰ বিৰোধিতা নকৰাত আদালতে তেওঁক আগজাননীমূলক জামিন প্ৰদান কৰিছিল।